দিল্লী বিধানসভাৰ নির্বাচনত জয়ৰ পাছত মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে৷ ৰেখা গুপ্তাই বুধবাৰে ৰামলীলা ময়দানত দিল্পীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু আপুনি জানেনে বিজেপি শাসিত ৰাজ্যৰ আটাইতকৈ কম বয়সীয়া আৰু কোন আটাইতকৈ বয়সীয়াল মুখ্যমন্ত্ৰী? (BJP CM)
দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰি দিল্লীৰ নৱম মুখ্যমন্ত্ৰী হ’ল ৰেখা গুপ্তা। লগতে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। শালীমাৰ বাগৰ পৰা বৰ্তমানৰ বিধায়িকা ৰেখা গুপ্তাৰ বয়স ৫০ বছৰ।
মাণিক সাহা
বিজেপিৰ আটাইতকৈ বয়সীয়াল মুখ্যমন্ত্ৰীগৰাকী হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা। মাণিক সাহা ত্ৰিপুৰা ৰাজ্যৰ একাদশ মুখ্যমন্ত্ৰী। তেওঁৰ বয়স ৭২ বছৰ।
ভূপেন্দ্ৰ পেটেল
ভূপেন্দ্ৰ ৰজনীকান্ত পেটেলে ২০২২ চনৰ ১২ ডিচেম্বৰত গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰে। বৰ্তমান তেওঁৰ বয়স ৬২ বছৰ।
বিষ্ণু দেৱ ছাই
বিষ্ণু দেৱ ছাইয়ে ২০২৩ চনৰ ১৩ ডিচেম্বৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ বয়স ৬০ বছৰ। ছাই ছত্তীশগড়ৰ প্ৰথম জনজাতীয় মুখ্যমন্ত্ৰীও।
মোহন যাদৱ
বিজেপিৰ পুৰণি মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ। বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ।
ভজন লাল শৰ্মা
ভজন লাল শৰ্মা বৰ্তমান ৰাজস্থানৰ মুখ্যমন্ত্ৰী। ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ৰাজস্থানৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি তেতিয়াৰ পৰাই এই পদত অধিষ্ঠিত হৈ আছে। তেওঁৰ বয়স ৫৮ বছৰ।
হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তালিকাত ৭ নম্বৰত আছে। ৫৬ বছৰীয়া ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
পুষ্কৰ সিং ধামি
৪৯ বছৰীয়া পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী।
যোগী আদিত্যনাথ
যোগী আদিত্যনাথ ২০১৭ চনৰ ১৯ মাৰ্চৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ উত্তৰ প্ৰদেশৰ ২১ সংখ্যক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ বয়স ৫২ বছৰ।
পেমা খাণ্ডু
বিজেপিৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী পেমা খাণ্ডু। তেওঁৰ বয়স মাত্ৰ ৪৫ বছৰ আৰু তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী।