Breaking

বিজেপিক হৰ্ছ ট্ৰেডিঙৰ কোনো প্ৰয়োজন নাই, আমি ৮০ ওচৰে-পাজৰে আসন পাম:পিযুষ হাজৰিকা

0 2,035

কংগ্ৰেছৰ নাটক খন দেখি কংগ্ৰেছৰ প্ৰাৰ্থী সকলেই এতিয়া সন্দিহান হৈছে। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছো শুবলৈ পাইছো।- নগাঁৱত মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য। পিযুষে লগতে কয়- “হৰ্ছ ট্ৰেডিঙৰ কথাই নাহে, আমি ৮০ ওচৰে-পাজৰে আসন পাম। আকৌ আমি ৰাইজৰ সেৱা কৰিম।”  আজি নগাঁও আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকৰ অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও মন্তব্য কৰে। মধ্য অসমৰ ক’ভিদ পৰিস্থিতিৰ বুজ ল’বলৈ অহা মুখ্যমন্ত্ৰীক সংগ দিয়া পিযুষ হাজৰিকাই কংগ্ৰেছৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, আমাক ৰাইজে পুনৰ সেৱা কৰিবলৈ সুযোগ ইতিমধ্যেই দিছে।অৱশ্যে এইবাৰ বিজেপিয়ে কিয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পিযুষে কয়, ” আমি বহুত সৰু কৰ্মকৰ্তা। আমাক তেনে প্ৰশ্ন নুসুধিব।”

Leave A Reply

Your email address will not be published.