Breaking

বড়োভূমিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি! এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা…

0 41

বড়োভূমিত এতিয়া তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি৷ এই প্ৰত্যাহ্বান আন কাৰো পৰা অহা নাই৷ এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা৷ বিজেপি-ইউপিপিএলৰ মাজত চলি থকা শীতল যুদ্ধখন এতিয়া প্ৰকাশ্য হৈ পৰিছে৷ বিজেপিৰ বিৰুদ্ধে যেন বিটিআৰত এতিয়া মুকলি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ইউপিপিএলৰ নেতা তথা বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে৷ শেহতীয়াকৈ বিটিআৰত থকা বিজেপিৰ ইএম ৰেওৰেৱা নাৰ্জিহাৰীক অপসাৰণ কৰি প্ৰমোদ বড়োৱে বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ মাজত চলি থকা শীতল যুদ্ধখনক লোকচক্ষুৰ সন্মুখলৈ আনিলে৷ প্ৰমোদ বড়োৰ এনে পদক্ষেপৰ পিছতে বহুতে এতিয়া আলোচনা কৰিছে যে বিটিআৰপ্ৰাধানগৰাকীয়ে নাৰ্জিহাৰীক অপসাৰণ কৰি মুখ্যমন্ত্ৰীক বুজাই দিব বিচাৰিছে- চাওক, আমি কি কৰিব পাৰো৷ ৰেওৰেৱা নাৰ্জিহাৰীক ই এম পদৰ পৰা অপসাৰণ কৰি প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ প্ৰমোদৰ মুকলি প্ৰত্যাহ৩ান মুখ্যমন্ত্ৰীক সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰা বুলিও এতিয়া বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত [বিটিআৰ] ভাৰতীয় জনতা পাৰ্টীৰ এজন শক্তিশালী নেতা হিচাপে পৰিচিত ৰেওৰেৱা নাৰ্জিহাৰী৷

কিন্তু শক্তিশালী হ’লেও এতিয়া বিটিআৰৰ কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰিত হ’বলগীয়া হৈছে বিজেপিৰ নেতাগৰাকী৷ যোৱা ২৮ আগষ্টত অসমৰ ৰাজ্যপালৰ এই নিৰ্দেশ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি চৰকাৰৰ ভিতৰচ’ৰাত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে নাৰ্জিহাৰীক কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা ঘটনাই বিশেষ ইংগিত বহন কৰিছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰমোদ বড়োৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিজেপিৰ পাৰিষদ ৰেওৰেৱা নাৰ্জিহাৰীয়ে মুকলিকৈয়ে অভিযোগ উত্থাপন কৰি আহিছিল৷ তেওঁৰ এই মুকলি বিদ্ৰোহে বিটিআৰৰ আন পাৰিষদৰ এটা অংশৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল৷ বিজেপিৰ পাৰিষদগৰাকীৰ পাখি কাটিবলৈয়েই প্ৰমোদ বড়োৱে ৰাজ্যপালৰ ওচৰত লিখিত অভিযোগ উত্থাপন কৰিছিল৷ প্ৰমোদ বড়োৱে এইবুলি অভিযোগ কৰিছিল যে নাৰ্জিহাৰীৰ এই কাৰ্যই বিটিচি চৰকাৰৰ ঐক্য আৰু সংহতিৰ প্ৰতি ভাবুকি আনিছে৷ সেয়ে তেওঁক অপসাৰণ কৰিব লাগে৷ ইয়াৰ পিছতে ৰাজ্যপালে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি নাৰ্জিহাৰীক উদ্যোগ আৰু বাণিজ্য তথা আইন বিভাগৰ ই এম পদৰ পৰা বৰ্খাস্ত কৰাত অনুমোদন জনায়৷ নাৰ্জিহাৰীৰ অপসাৰণৰ পিছতে বহুতে এতিয়া মন্তব্য কৰিছে যে প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা খং নাৰ্জিহাৰীৰ ওপৰত জাৰিছে৷ বহুতে এইবুলি আলোচনা কৰিছে যে বিজেপিৰ পাৰিষদগৰাকীক অপসাৰণ কৰি প্ৰমোদ বড়োৱে লগতে এই কথাও বুজাই দিব বিচাৰিছে- বিটিআৰত বিজেপি এতিয়া আৰু গুৰুত্বপূৰ্ণ নহয়৷ উল্লেখ্য, মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি কোনো সদস্যক অপসাৰণ কাৰিব লাগিলে অংশীদাৰ দলৰ সৈতে আলোচনা কৰাটো এক অলিখিত নিয়ম৷ কিন্তু নাৰ্জিহাৰীক অপসাৰণ কৰাৰ পূৰ্বে প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজি্যক সভাপতি ভৱেশ কলিতাৰ সৈতে আলোচনা কৰিছিল নে? এয়াই এতিয়া সচেতন মহলৰ মুখে মুখে বাগৰি ফুৰা প্ৰশ্ন হৈ পৰিছে৷ দৰাচলতে প্ৰমোদ বড়োৰ কেতবোৰ কাম-কাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসন্তুষ্ট কৰি তোলা বুলি বহু দিনৰে পৰাই চৰ্চা চলি আছিল৷ বড়োভূমিতো প্ৰমোদ বড়ো মুখ্যমন্ত্ৰীৰ অপ্ৰিয় হৈ পৰা বুলি বিভিন্ন মহলত বহু দিনৰে পৰাই চৰ্চা চলি আহিছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ্বি ভূমি আৰু বড়ো ভূমিৰ ৰাজনৈতিক নেতৃত্বক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সুখী নহয়৷ সেই বাবেই হয়তো কলাক্ষেত্ৰৰ দলীয় সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল বিটিআৰত প্ৰমোদ বড়োৰ ইউপিপিএলৰ সৈতে পঞ্চায়ত নিৰ্বাচনলৈকেহে বিজেপিৰ মিত্ৰতা থাকিব৷

সাংবাদিকক আক্ৰমণ ক’ত কোনে কৰিলে !

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই নিঃসন্দেহে বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি পেলাব৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি তথা অৰাজক পৰিস্থিতিৰ বাবেই বিটিআৰৰ নিৰ্বাচনত হাগ্ৰামৰ দল বিপিএফে ইউপিপিএলতকৈ বেছি আসন পোৱা সত্ত্বেও মুখ্যমন্ত্ৰী ৰ্শমাই হাগ্ৰামৰ সলনি প্ৰমোদ বড়োক বিটিআৰৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ কিন্তু প্ৰমোদ বড়োৰ দিনতো বিটিআৰত পূৰ্বৰ কোনো কথাৰে পৰিৱৰ্তন নঘটিল৷ বিপৰীতে বহু ক্ষেত্ৰত দুৰ্নীতি, ডকা-হকা আৰু কমিছনৰাজেহে বিটিআৰক গ্ৰাস কৰিলে৷ খ্ৰীষ্টিয়ান আগ্ৰাসন বাঢ়িল, প্ৰতিটো কামতে কমিছনৰ অংক নহ’লে একো কথাই নিসিজা হ’ল৷ শ্ৰীৰামপুৰ গে’টৰ কমিছনৰাজ প্ৰমোদ বড়োৰেই একাংশ ঘনিষ্ঠ লোকে চলাই থকা বুলি বহুতে কৈ আহিছে৷ এনে পৰিস্থিতিত বিটিআৰবাসী, বিশেষকৈ বড়ো সম্প্ৰদায়ৰ জনতাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীক বড়ো জনতাক নতুন দিশৰ সন্ধান দিব পৰা নেতা হিচাপে বিচৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে৷ সূত্ৰটোৱে সদৰী কৰা অনুসৰি বিশ্বজিত দৈমাৰীক প্ৰমোদ বড়োৰ বিকল্প নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ গেৰুৱা শিবিৰ ইচ্ছুক হৈ পৰিছে৷ সেয়ে মুখ্যমন্ত্ৰীৰ পৰা ক্ৰমে আঁতৰি যোৱা দুই নেতা ক্ৰমে প্ৰমোদ বড়ো আৰু তুলিৰাম ৰংহাং এতিয়া একত্ৰিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এঘঁৰি যুঁজ দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ এই বিষয়ত পূৰ্বে ‘দৈনন্দিন বাৰ্তা’ত বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে শ’লঠেকত পেলাবলৈ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং লগ লগাৰ কথা বহু দিনৰে পৰা চৰ্চিত হৈ আহিছে৷ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু অবাধ দুৰ্নীতিক লৈয়ো মুখ্যমন্ত্ৰী অসন্তুষ্ট৷ এনে পৰিস্থিতিত বড়োভূমিৰ লগতে কাৰ্বিভূমিতো মুখ্যমন্ত্ৰীয়ে বিকল্প নেতাৰ সন্ধান কৰা বুলি বহু দিনৰে পৰাই আলোচনা হৈ আহিছে৷ ৰাজ্যত শেহতীয়াকৈ সক্ৰিয় হৈ প্ৰমোদ-তুলিৰামে নানান বুদ্ধি-সন্ধি কৰি যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীক নিজৰ অধীন কৰি ৰাখিবলৈ মন্ত্ৰণা যুগুতাই থকা বুলিও সূত্ৰটোৱে কয়৷ সূত্ৰটোৰ মতে তুলিৰাম-প্ৰমোদে ফোনতে মুখ্যমন্ত্ৰীক কিদৰে শ’লঠেকত পেলাব পাৰি তাৰেই নিৰন্তৰ ষড়যন্ত্ৰ ৰচনাত মত্ত হৈছে৷ সূত্ৰটোৱে লগতে এইবুলিও কৈছে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ এই দুই নেতাই বাট চাব বিচৰা নাই৷ তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীক নানান ছল-চাতুৰীৰে কিদৰে বশ কৰি ৰাখিব পাৰি তাৰেই সূত্ৰ নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে প্ৰমোদ-তুলিৰাম৷

লগতে পঢ়কঃ তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী

ৰাজ্যত শেহতীয়াকৈ মিঞাৰ প্ৰসংগক লৈ বিৰোধী ঐক্যবদ্ধ হোৱাৰ সময়তে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োই চল চাই কঠীয়া পৰা বুলি এতিয়া বহুতে আলোচনা কৰিছে৷ বিৰোধীয়ে হেঁচা মাৰি ধৰাৰ সময়তে মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈয়েই প্ৰমোদ বড়োৱে ৰেওৰেৱা নাৰ্জিহাৰীৰ দৰে জ্যেষ্ঠ বিজেপি নেতাক বিটিআৰৰ পাৰিষদ পদৰ পৰা অপসাৰণ কৰা বুলিও বহুতে চৰ্চা কৰিছে৷ বহুতে এইবুলিও কৈছে যে এয়া আৰম্ভণিহে৷ প্ৰমোদ বড়োই মুখ্যমন্ত্ৰীক চাপত ৰাখিবলৈ কাম আৰম্ভ কৰিলেই, এতিয়া কাৰ্বিভূমিত তুলিৰামে কেনে অভিসন্ধি ৰচনা কৰে সেয়া সময়েহে ক’ব বুলিও বিভিন্নজনে আলোচনা কৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ-তুলিৰামৰ এনে ৰাজনৈতিক পাশাখেলৰ মুখামুখি কিদৰে হয় সেয়া লক্ষণীয় হ’ব বুলিও এতিয়া সচেতন মহলত আলোচনা চলিছে৷

published by: munmi gogoi

Leave A Reply

Your email address will not be published.