Breaking

বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

0 18

ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ দক্ষিণ ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ বিষয়ে আত্মবিশ্বাসী হৈ পৰিছে। তামিলনাডু, কেৰালা, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী আৰু কৰ্ণাটককে ধৰি দক্ষিণৰ মুখ্য ৰাজ্যসমূহত ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত গ্ৰহণ হৈ গৈছে। এই ৰাজ্যসমূহত লোকসভাৰ ১৩০ খন আসন আছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গেৰুৱা দলে এই ৰাজ্যসমূহত প্ৰৱেশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণৰ ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ সময়ত, তেওঁ দক্ষিণত গেৰুৱা দলৰ শক্তি বৃদ্ধিৰ বিষয়ে আত্মবিশ্বাস প্ৰকাশ কৰিছিল। মোদীয়ে দাবী কৰি আহিছে যে বিজেপি দলে একক বিশাল দল হিচাপে আত্মপ্ৰকাশ কৰিব। দক্ষিণৰ আটাইতকৈ ডাঙৰ দল হৈ পৰিব বিজেপি।

তেওঁ এইবুলিও কৈ আহিছে যে এন ডি এয়ে ৪ জুনত ৪০০ খন আসন অতিক্ৰম কৰিব। মোদীয়ে কৈছে যে তেওঁৰ বিৰোধীসকলে এটা ধাৰণাৰ সৃষ্টি কৰিছে যে দক্ষিণৰ ৰাজ্যসমূহত বিজেপিৰ কোনো শক্তি বা উপস্থিতি নাই।মোদীয়ে কয় ” ২০১৯ ৰ নিৰ্বাচনলৈ চাওক। তেতিয়াও দক্ষিণৰ আটাইতকৈ ডাঙৰ দলটো আছিল বিজেপি। আকৌ, মই এইটো কওঁ: এইবাৰ দক্ষিণৰ সৰ্ববৃহৎ দল হ’ব বিজেপি, আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইয়াত অধিক (আসন) যোগ দিব আমি দক্ষিণ ভাৰতৰ একক বৃহত্তম দল হ’ম আৰু যোৱাবাৰতকৈও ডাঙৰ ব্যৱধানত জয়ী হ’ম,”। দক্ষিণত বিজেপিৰ ১৩০ খন আসনৰ ভিতৰত ২৯ জন সাংসদ আছে, যাৰ বেছিভাগেই কৰ্ণাটকৰ। মোদীয়ে “জনসাধাৰণৰ আশীৰ্বাদেই আমাক এক অভিলেখ ভংগকাৰী জয়লৈ লৈ যাব। আমি দেশৰ সকলো প্ৰান্তৰ পৰা অধিক আসন লাভ কৰিম, বিশেষকৈ দক্ষিণ আৰু পূবৰ পৰা বহু আসন পাম” তেওঁ কয়।

মোদীয়ে কয় যে দক্ষিণত বিজেপিৰ দুৰ্বলতাৰ বাবে বহুতে দলটোক বিভিন্ন ধৰণে- নগৰ-কেন্দ্ৰিক, পুৰুষ কেন্দ্ৰিক, উত্তৰ কেন্দ্ৰিক আৰু ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল হিচাপে অংকন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিয়ে এইবাৰ ধাৰণা অমান্য কৰিছে।

Leave A Reply

Your email address will not be published.