Breaking

BJP Launches Nationwide Membership Drive: সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান

50

সোমবাৰৰ পৰা আৰম্ভ হ’ব বিজেপি দলৰ সদস্যভৰ্তি অভিযান । ‘সংঘটন পৰ্ব, সদস্যতা অভিযান ২০২৪’ হৈছে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সদস্য সংখ্যা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টা, যাৰ লক্ষ্য হৈছে সকলো অঞ্চলৰ মানুহক দলৰ সৈতে সংযোগ কৰা(BJP Launches Nationwide Membership Drive)।

নতুন দিল্লী, ছেপ্টেম্বৰ ২ : সোমবাৰে বিয়লি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) বিজেপিৰ ‘সংঘটন পৰ্ব, সদস্যতা অভিযান ২০২৪’ উদ্বোধন কৰিব(BJP Launches Nationwide Membership Drive)।

এই সদস্যভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় ২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ আৰু দ্বিতীয় পৰ্যায় ১অক্টোবৰৰ পৰা ১৫ অক্টোবলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে, সক্ৰিয় সদস্যভৰ্তি অভিযান আগন্তুক ১৬ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আৰম্ভ হ’ব।

এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ তাৱদেৱে(BJP National General Secretary) কয় যে, এই সদস্যভৰ্তি অভিযান ২০২৪ হৈছে দেশৰ সকলো আগ্ৰহী নাগৰিকৰ বাবে ভাৰতীয় জনতা পাৰ্টিত(Bharatiya Janata Party) যোগদান কৰি দেশৰ উন্নয়নত পদে পদে অৱদান আগবঢোৱাৰ এক সুবৰ্ণ সুযোগ।

লগতে বিনোদ তাৱদেৱে কয়,“এই সদস্যভৰ্তি অভিযানৰ মুল উদ্দেশ্য হৈছে বিজেপিৰ ৰাষ্ট্ৰ গঠনৰ মনোভাৱৰ সৈতে জনসাধাৰণক সংযুক্ত আৰু সংগঠিত কৰি ২০৪৭ৰ ভিতৰত ভাৰতক সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়াৰ এক পৰিকল্পনা ।”

দলৰ সূত্ৰ অনুসৰি, প্ৰাথমিক সদস্যভৰ্তি মিছড কল (৮৮০০০০২০২৪), ন’মো এপ, QR ক’ড, আৰু পৰম্পৰাগত আবেদন পত্ৰৰ জৰিয়তে কৰা হ’ব, যাতে সীমিত ম’বাইল কভাৰেজ থকা এলেকাৰ বা যিসকলৰ ম’বাইল ফোন নাই তেওলোকেও অংশগ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে, বিগত ১৭ আগষ্টত বিজেপিয়ে সদস্যভৰ্তি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লগতে দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক, চহৰ, গাঁও, আৰু বুথ পৰ্যায়লৈ ব্যাপকভাৱে নিজৰ উপস্থিতি ব্যাপৰভাৱে সম্প্ৰসাৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক ৫ কোটি টকাৰ চেক প্ৰদান…

Published by: Munmi gogoi

Comments are closed.