Breaking

বিজেপি নেতা লাচিত গগৈ নিলম্বিত হ’ল দলৰ পৰা

0 133

দলৰ পৰা নিলম্বিত কৰিলে বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক।

দলটোৰ অসম প্ৰদেশ কমিতিয়ে এক জাননী যোগে এই কথা সদৰী কৰিছে।

এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল।

অডিঅ’টোত চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল।

যাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰিছিল বিজেপি নেতাগৰাকীক।

ইয়াৰ পাছতেই সমগ্ৰ বিষয়টোয়ে ৰাজনৈতিক মহলত বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল।

দেওবাৰে নেতাগৰাকীক দলৰ পৰা নিলম্বিত কৰে দলীয় কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.