Breaking

Arvind Kejriwal: অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

0 24

বৃহস্পতিবাৰে দিল্লী পূৰ্ণিগামৰ ২৮ নং ৱাৰ্ডৰ এগৰাকী কাউন্সিলাই নিজৰ ‘ভুল’ শুধৰাবলৈ পুনৰ পুৰণি দল আম আদমী পাৰ্টিলৈ উভতি আহে। পুনৰ দল সলনিৰ কাৰণ ব্যাখ্যা কৰি কাউন্সিলাৰ ৰাম চন্দৰে দাবী কৰে যে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁক সপোনত আপৰ নেতৃত্বক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিছিল। সপোনত কেজৰিৱালৰ গালি-গালাজ শুনি ৰামে পুৰণি দলটোত যোগদান কৰাৰ পুনৰ সিদ্ধান্ত ল’লে।

বৃহস্পতিবাৰে আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ হাতত ধৰি পুনৰ আপত যোগদান কৰে ৰামে। তেওঁ কয় যে বিজেপিত যোগদানৰ সিদ্ধান্ত ‘ভুল’। একে সময়তে তেওঁ লগতে কয় যে এতিয়াৰ পৰা তেওঁ কেতিয়াও কাৰো কথাত বিভ্ৰান্ত নহয়। পুনৰ আপত যোগদান কৰাৰ পিছত ‘কাউন্সিলাৰগৰাকীয়ে কয়, ‘মই মোৰ পৰিয়ালৰ ওচৰলৈ পুনৰ উভতি আহিলোঁ।

লগতে পঢ়কঃ অচিনাক্ত বাহনে খুন্দিয়াই থৈ গ’ল দৰঙৰ দুগৰাকী মহিলাক

Leave A Reply

Your email address will not be published.