BJP membership drive: সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টিঃ জয়ন্ত মল্ল বৰুৱা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৮ ছেপ্টেম্বৰঃ অসমকে ধৰি সমগ্ৰ দেশতে এতিয়া চলি আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান। এই অভিযানত অসমৰ বহু কেইটা সমষ্টিয়ে লক্ষ্যণীয় হাৰত সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছে। সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টি থকা বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰকাশ কৰিছে।(BJP membership drive)

সেই তিনি সমষ্টিৰ ভিতৰত অসমৰ জালুকবাৰী, জাগীৰোড আৰু নলবাৰী সমষ্টি থকা বুলি মন্ত্ৰী বৰুৱাই ছ’চিয়েল মিডিয়াৰ এক পোষ্টত সদৰী কৰিছে। ছ’চিয়ল মিডিয়াৰ পোষ্টত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে লিখিছে- ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ দেশতে সদস্যতা অভিযান চলি আছে। (jayanta malla baruah)

এই সদস্য ভৰ্ত্তি অভিযানতে দেখা গৈছে দলটোৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা৷ দেশৰ সকলো প্ৰান্ততে আমাৰ দলটোৰ প্ৰতি সাধাৰণ জনতাৰ আগ্ৰহ পূৰ্বতকৈও বাঢ়ি যোৱাত সদস্য সংখ্যাই পূৰ্বৰ অভিলেখকো চেৰ পেলাবলৈ আগবাঢ়িছে৷
অসমতো সদস্য ভৰ্তিৰ প্ৰতি ৰাইজৰ আগ্ৰহত আমি অভিভূত হৈছোঁ৷ (bjp)

ইতিমধ্যে ২৬ চেপ্তেম্বৰৰ নিশালৈ অসমত অনলাইন সদস্য ভৰ্ত্তিৰ সংখ্যা ৪৯,৯৪,৯৬৭ চুইচেগৈ৷ আজি আমি ৫০ লাখ অতিক্ৰম কৰি এক অভিলেখ ৰচনা কৰিম৷ লগতে আমাৰ ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা যে আমাৰ অসমৰ তিনিটা সমষ্টিৰ ভিতৰত নলবাৰী সমষ্টিও সদস্য ভৰ্ত্তিৰ সংখ্যাৰে দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত নাম লিখিবলৈ সক্ষম হৈছে৷ অসমৰ জালুকবাৰী সমষ্টিয়ে ১,০২,৭৯৬ সদস্য সংখ্যাৰে নৱম স্থান, জাগীৰোড সমষ্টিয়ে ৯২,৯১৭ সদস্য সংখ্যাৰে ১৪ তম স্থান আৰু নলবাৰী সমষ্টিয়ে ৮৭,৫৩৭ সদস্য সংখ্যাৰে ১৬ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ (assam)

স্বাভাৱিকতে এই ধৰণৰ সফলতাৰ আৰত আমাৰ দলৰ বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক স্তৰলৈ থকা নিষ্ঠাবান আৰু দলৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰা সন্মানীয় কাৰ্যকৰ্তা সকল৷ সকলোলৈকে পুনৰ এবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ।

Related Articles