Breaking

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

0 2,095

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, “অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনাৰে বহুতে কাম কৰি আছে, সেয়া স্বাধীনতাৰ আগৰে পৰা আজিলৈ চলি আছে। তেনে পৰিকল্পনা বিজেিপি দলে কেতিয়াও বাস্তৱত হ’বলৈ নিদিয়ে আৰু বিজেপি থকা লৈকে তেওঁলোকে সেই কাম কেতিয়াও কৰিব নোৱাৰে। আজমল ৰাজনৈতিক ভাৱে কোনো প্ৰত্যাহ্বান নহয়, যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক ভাৱে এইদৰে দিশ দৰ্শন দি কাম কৰিব। অসমৰ সমাজ জীবনটো ভাঙি-চিঙি পেলোৱাত বা সমাজ জীৱনত প্ৰকৃত ভাৰতীয় মূল খুতিৰ বা প্ৰকৃত অসমীয়া মূল খুতিৰ লোক সকলক গ্ৰাস কৰিবলৈ বিচৰা লোক সকল তেওঁৰ লগত আছে, গতিকে বদৰুদ্দিন আজমল প্ৰত্যাহ্বান। বিজেপিয়ে সদায় সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে আৰু দলে তাক নিঃশেষ কৰিবলৈ সদায় কাম কৰি যাব।

এ জে পিৰ বিষয়ত খোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিভিন্ন দল বোৰত নিজৰ জেগা বনাব নোৱাৰি তালৈ ঠিয় হৈছে, সি প্ৰবীণ ডেকাই হওঁক বা জগদীশ  ভূঞাই হওঁক। এইবিলাক কোনো আঞ্চলিক শক্তি বা আঞ্চলিকতা বাদী চিন্তাধাৰা নহয়, অসমত যদি আঞ্চলিকতাবাদী চিন্তাধাৰা শক্তিশালী কৰিব বিচাৰে তেন্তে তেওঁলোক এজিপিত গৈ শক্তিশালী কৰক, তেতিয়াহে আঞ্চলিকতাবাদী চিন্তাধাৰা হ’ব। অসমৰ সেইসকল লোকে এই কথাটো নেজানে যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ কাক কয়,জাতীয়তাবাদ বুলি কলে অসমীয়া কোৱা মানুহ সিনিয়েই কি জাতীয়তাবাদ নেকি, অসমতো বিভিন্ন ভাষাভাষী আছে। আনহাতে জাতীয় পৰিষদ দলে এখনো আখন নাপায় বুলিও মন্তব্য আগবঢ়ায়, খুব বেছি পালেও চাৰি-পাচ হেজাৰলৈকে যাব তাকো দুই এটা সমষ্টিত আৰু বেছিভাগ সমষ্টিত একহেজাৰৰ তলতে ভোট পোৱা দেখিবলৈ পাব বুলিও মন্তব্য আগবঢ়ায়।


হোজাই নতুন বজাৰস্থিত মণিপুৰী সাহিত্য পৰিষদ ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত হোজাইৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আদি নেতা সকল উপস্থিত থাকে। হোজাই জিলা বিজেপি সভাপতি অনুপ দেৱৰ নেতৃত্বত অনুষ্টিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত জিলাৰ প্ৰায় দুইশতাধীক নেতা কৰ্মী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.