Breaking

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী

0 50

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী। যোৱা ২৭ডিচেম্বৰৰ পৰা বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৰাজ্যজুৰি চলোৱা পদযাত্ৰাৰ অংশস্বৰূপে ৰহাতো দুদিনীয়াকৈ এই পদযাত্ৰা অনুষ্ঠিত কৰে।

ৰহাতো বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ উদেশ্যে মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত চলোৱা এই পদযাত্ৰাৰ শেষত বৃহস্পতিবাৰে ৰহা পুৰণা চাৰিআলিত অনুষ্ঠিত কৰা হয় এক জনসভা।

জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। জনসভাখনত ভাষণ দি ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত হোৱা দেশ তথা অসমৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ বিবৰণো দাঙি ধৰে।

আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হ’ব বুলি মন্তব্য কৰি এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰততে বিজেপিয়ে ইতিহাস ৰচিব বুলিও মন্তব্য কৰে। ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।


জনসভাখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰহা সমষ্টিৰ ২৫গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই জনসভাতে অসম জাতীয় পৰিষদৰ অৰ্ধ শতাধিক কৰ্ম-কৰ্তাই ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

Leave A Reply

Your email address will not be published.