Breaking

বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

0 2,245

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

কিন্ত লক্ষণীয় কথাটো হল বিপিএফক একাষৰীয়া কৰিলে বিজেপিয়ে। ২০১৬ত দিছপুৰ দখলৰ বাবে বিজেপিয়ে মিত্ৰতাৰ হাত আগঢ়োৱা বিপিএফ দলক ৫ বছৰ সাশন চলোৱাৰ পিছত একাষৰীয়া কৰা হল । অমিত শ্বাহৰে অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এল উপস্থিতিত হব লগা বৈঠকলৈ মতা নহল বিপিএফক । মিত্ৰ দলৰ সৈতে আলোচনাৰ পিছতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ সৈতেও হ’ব বিশেষ বৈঠক ৷  বৈঠকৰ পিছতেই অমিত শ্বাহে ৰাজ্যিক বিজেপিক ১০০ প্লাছৰ ফৰ্মূলা হাতত দি থৈ যাব।

Leave A Reply

Your email address will not be published.