Breaking

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব

0 2,083

মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা ,অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি ভাষন প্ৰদানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিজেপি চৰকাৰৰ নিচিনাকৈ পূৰ্বতে কোনো এখন চৰকাৰে কাম কৰিব পৰা নাছিল ৷ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে উন্নয়নৰ এক যোৱাৰ আনিছে ৷ সেয়ে ২০২১ বিধান সভা নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়া ৷ সেয়া জনসাধৰনে মনে প্ৰানে বিচাৰি আছে বুলি ভট্টাচাৰ্যই কয় ৷ তেওঁ লগতে কয় ২০২১ বিধান সভা নিৰ্বাচন আবেগ অনুভূতিৰ হ’ব ৷ ইয়াৰ বাবেই অসম জাতীয় পৰিষদে ৰাইজৰ মাজত আবেগ- অনুভূতিৰ এজেন্ডা প্ৰস্তুত কৰিব ৷ এই ক্ষেত্ৰত বিজেপি প্ৰতিগৰাকী সদস্যই চৰকাৰৰ উন্নয়ন মুলক আছনি সমুহ ৰাইজ মাজলৈ নিব লাগিব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে ৷ সভাত  বিধায়ক অতুল বৰাই ভাষন প্ৰদান কৰি কয় যে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ জয়লাভে বিজেপি ২০২১ বিধান সভাৰ জয় সুনিশ্চিত বুলি কয় ৷ তেওঁ স্বায়ত্ত্ব পৰিষদত জয়যুক্ত সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷৷ অসম বিত্তীয় নিগৰমৰ অধ্যক্ষ বিজয় গুপ্তা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেক,প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভাপি জয়ন্ত দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰননীতিৰ বিষয়ে ভাষন প্ৰদান কৰে ৷ নিৰ্বাচনৰ আগমুহূৰ্তত দল আৰু অধিক শক্তিশালী ৰুপত প্ৰতিষ্ঠা লাভা কৰে তাৰ বাবেই প্ৰতিগৰাকী দলীয় সদস্যক  ৰাইজৰ মাজত কাম কৰিবলৈ আহ্বান জনাই আটাইকেইগৰাকী ব্যক্তাই ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ অন্তৰগত ১২টা মন্ডলৰ সভাপত সাধাৰণ সম্পাদক ,মৰ্চাৰ সভাপতি জিলা বিষয়ববীয়া সহ প্ৰায় চাৰি শতাধিক সদস্য উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.