কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি বিজেপি অসম প্ৰদেশৰ আদৰণি

গুৱাহাটী ২০ জুন ২০২৪ : কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি কৰি দেশৰ লগতে অসমৰ লাখ লাখ কৃষকৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে ।

এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই কয় , শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধিৰ দ্বাৰা উপকৃত হোৱা কৃষক সকলে এই আচঁনিৰ সহায় লাভ কৰি অৰ্থনৈতিক ভাৱে লাভাম্বিত হোৱাৰ লগতে দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিত অধিক অৰিহনা আগ বঢ়াবলৈ সক্ষম হব ।

দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত এই আচঁনিৰ প্ৰত্যক্ষ অৰিহনা সৰ্বসমাদিত বুলি উল্লেখ কৰি মুখপাত্ৰজনে কয় ,অসমৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষিজাত সামগ্ৰীৰ ৰপ্তানী বৃদ্ধিৰ যোগেদি অসমৰ কৃষকে বিগত সময়খিনিত অভিলেখ গঢ়িবলৈ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ কৃষিখণ্ডৰ আশানুৰূপ বিকাশ অসমৰ ভৱিষ্যত শক্তিশালী বুনিয়াদৰ ৰূপৰেখা বুলি উল্লেখ কৰি মুখপাত্ৰ সুভাষ দত্তই কয় , দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱে কেবিনেটত ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি কৰি কৃষক সমাজখনক যি সন্মান আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে সেয়া আদৰণীয় ।ধানৰ নুন্যতম সমৰ্থন মুল্য ১১৭ টকা বৃদ্ধিৰ ফলত অসমৰ কৃষক সকল বিশেষভাৱে উপকৃত হব ।


আন এক সিদ্ধান্তৰ যোগেদি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ কেবিনেটে মহাৰাষ্ট্ৰত ৭৬২০০ কোটি টকা ব্যয়েৰে এটা নতুন বন্দৰ নিৰ্মানৰ লগতে বন্দৰ আৰু জলপৰিবহন বিকাশৰ বাবে গ্ৰহন কৰা পদক্ষেপকো আদৰনি জনাই মুখপাত্ৰজনে কয় দেশৰ বন্দৰ জাহাজ আৰু জলপৰিবহন মন্ত্ৰী অসমৰ সুসন্তান সৰ্বানন্দ সোনোৱাল দেৱৰ নেতৃত্বত দেশৰ কেইবাটাও বন্দৰ বিশ্ব মানদণ্ডৰ আন্ত:গাঠনি সম্পন্ন হোৱাৰ লগতে জলপৰিবহন খণ্ডত দহ লাখ কোটি টকাৰ বিনিয়োগৰ দৰে বলিষ্ঠ সিদ্ধান্ত গ্ৰহন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি বিবৃতিখনত মুখপাত্ৰজনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে ।

কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : ১৪ বিধ শস্যৰ নুন্যতম সমৰ্থন মুল্য বৃদ্ধি বিজেপি অসম প্ৰদেশৰ আদৰণি

Related Articles