৫ মাৰ্চ, পানেৰী : ( BJP) ক্ৰমাগতভাবে দ্ৰুতগতি ধাৰণ কৰিছে বিটিচিৰ ৰাজনীতিয়ে। দল সমূহৰ মাজত দেখা গৈছে অঘোষিত নিৰ্বাচনী সভাৰ প্ৰতিযোগিতা। কোনে কাক কেনেকৈ দলৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তাক লৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। কি বিজেপি কি বিপিএফ অথবা ইউ পি পি এল সকলো ব্যস্ত নিৰ্বাচনী কুচকাৱাজ ৰচনা কৰাত। আজি ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আৰু ভৈৰৱকুণ্ড মণ্ডলৰ সহযোগত ওদালগুৰিৰ মাজ মজিয়াত বিশাল যোগদান কাৰ্যসূচী আয়োজন কৰে।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰু ওদালগুৰি জিলা বিজেপি সমিতিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকাই আতঁধৰা সভাত পানেৰী বিধায়ক প্ৰতিনিধি জৌশ্ৰাং বড়ো ৱে উদ্বোধনী ভাষণ প্ৰাদান কৰে। সভাত বিজেপি ওদালগুৰি জিলা সমিতিৰ সভাপতি সুনীল বসুমতাৰীয়ে ভাষন প্ৰদান কৰে। ওদালগুৰি জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱক মিনন মোছাহাৰীৰ লগতে প্ৰায় ২৯ গৰাকীকৈ বিশিষ্ট তথা বিৰোধী ৰাজনৈতিক দল বিপিএফৰ পৰা ফালৰি কাটি আহি বিজেপিত যোগদান কৰে। একেদৰে ব্যৱসায়ী মিনন মুছাহাৰীক অনুসৰণ কৰি একেখন মঞ্চতে প্ৰায় পাঁচ সহস্ৰাধিক লোকে যোগদান কৰা পৰিলক্ষিত হয়।
উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ভাষণৰ অন্তত আজি মিনন মোছাহাৰীৰ সহিতে প্ৰায় ৭ হাজাৰ সমৰ্থক লগত লৈ বিজেপি দলত যোগদানকাৰী সকলক শুভেচ্ছা আৰু আদৰণী জনাই। বিগত বিটিআৰ চৰকাৰ খনত ইউপিপিএল-বিজেপিৰ মিত্ৰ চৰকাৰ গঠন কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তথা ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ দ্বাৰা বিটিআৰ-ৰাজ্য-দেশৰ শান্তি-সম্বনয়েৰে উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যহত ৰাখিছে বুলি বক্তব্য ৰাখে। তেওঁ লগতে বিজেপি দলে বিগত নিৰ্বাচন অবতীৰ্ণ হোৱাৰ দৰে ২০২৫ বিটিআৰ নিৰ্বাচনত একক ভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা নিশ্চিত কৰে। ৰাইজৰ উন্নয়নমূলক আঁচনিৰ বাবেই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ বাৰ অসম তথা উত্তৰপুৰ্বাঞ্চলত পৰিভ্ৰমণ কৰিছে।
উত্তৰপুৰ্বাঞ্চলত ইতিমধ্যে ১২ খন শান্তি চুক্তি ৰূপায়ণ কৰি উত্তৰপুৰ্বাঞ্চত এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে। প্ৰাপ্তিৰ এয়াই এয়াই এক অনাবিল আনন্দ। ব্ৰিটিচিৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত অৰুণোদয় আঁচনি সম্পূৰ্ণ কৰি তোলা হ’ব। আনহাতে মহিলা উদ্যেমিতা আঁচনিৰ অধীনত প্ৰতিগৰাকী ১০ হাজাৰকৈ ধন লাভ কৰিব বুলিও উল্লেখ কৰে।:ভাষণ প্ৰসঙ্গত তেওঁ বিটিআৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মাজত বিভেদ পৰিহাৰ কৰি এক সমন্বয়ৰ এনাজৰীৰে বন্ধাৰ হকে কাম কৰি যোৱাৰ বিজেপি দলে সদায় পোষকতা কৰে। তেওঁ লগতে কয়- এইবাৰ বিজেপি দলে ওদালগুৰি জিলাৰ অন্তৰ্গত ১০ সমষ্টিয়ে দখল কৰাটো নিশ্চিত হৈছে।আজিৰ এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ,লগতে জিলা সভাপতি সুনীল বসুমতাৰী, জিলা উপসভাপতি বিকন ডেকা জিলা সম্পাদক জয়কান্ত শৰ্না, বলেন বহ্ম, ৰাজ্যিক মুখপাত্ৰ ৰুপম গোস্বামী, জিলা সহ-প্ৰভাৰী ৰঞ্জিত কুমাৰ শৰ্মা, বিটিআৰ পৰিষদ ৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তান্তী, বিটিআৰ পৰিষদ সদস্যা অৰ্পণা মেধী, পৰিষদ সদস্য ভবেন, দীপক মৌৰ, বড়ো, বিধায়ক প্ৰতিনিধি জৌশ্ৰাং বড়ো, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক নিলিমা বহ্ম, জীতু কিষাণ , সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, বিজেপি ৰ যুব নেতা অৰ্জ্জুন দৈমাৰী সহ জিলা খনৰ বহু বিষয়-ববিয়া উপস্থিত থাকে।