BJP’s massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

জাগীৰোড, ১ অক্টোবৰ : অসমৰ ২৯ হাজাৰ নিবনুৱাই চাকৰি পাব, সেয়ে কংগ্ৰেছৰ নেতাৰ গাত পূৰণি ধৰিছে ৷ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।(Congress party national president Mallikarjun Kharge) কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা সেই দলৰে চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই টুইটাৰত কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শাসনাধিষ্ঠিত বিজেপি ৷তাৰেই প্ৰতিবাদত (BJP’s massive protest) বিজেপিৰ বিশাল প্ৰতিবাদ জাগীৰোডত সাব্যস্ত ৷

জাগীৰোড গাঁও পঞ্চায়তৰ সন্মূখৰ পৰা উলিওৱা উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লয় জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ(Minister Piyush Hazarika participate) মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে কেইবাগৰাকীও বিজেপি দলৰ বিধায়কে ৷ উল্লেখ্য যে, জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কেতবোৰ মন্তব্যৰে অসমক হেয় প্ৰতিপন্ন কৰিছিল কংগ্ৰেছ দলৰ(Congress party) ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই ৷ আনকি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ (Semiconductor Project)বাবে অসমত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ বুলিও টুইটযোগে নিকৃষ্ট মন্তব্য কৰিছিল চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই ৷

তাৰেই প্ৰতিবাদত প্ৰায় সহস্ৰাধিক স্থানীয় লোকৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, শশীকান্ত দাস, হেমাংগ ঠাকুৰীয়া, ৰূপক শৰ্মা, দিগন্ত কলিতা, জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষ, সুশান্ত বৰগোহাঁই আৰু মানৱ ডেকাই ।

লগতে পঢ়ক:

‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’: যোগী আদিত্যনাথক সকীয়নি এছ পি নেতা মেহবুব আলীৰ

Related Articles