Breaking

BJP Membership Drive: বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিত সদস্যতা ভৰ্তি অভিযান

21

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা ভর্তি অভিযান যোৰদাৰ গতিত চলিছে। এই অভিযানৰ অংশ হিচাপে বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত, মৰ্চাৰ বিশ্ববিদ্যালয় মণ্ডল আৰু জালুকবাৰী মণ্ডল সমিতিৰ সহযোগত পাণ্ডুৰ ৰেষ্টকেম্পত অনুস্থিত হয় সদস্যতা ভৰ্তি অভিযান বিষয়ক এক অনুষ্ঠান। (BJP’s membership drive in Jalukbari constituency)

জালুকবাৰী, ৮ ছেপ্টেম্বৰ: বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা ভর্তি অভিযান যোৰদাৰ গতিত চলিছে। এই অভিযানৰ অংশ হিচাপে বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত, মৰ্চাৰ বিশ্ববিদ্যালয় মণ্ডল আৰু জালুকবাৰী মণ্ডল সমিতিৰ সহযোগত কালি পাণ্ডুৰ ৰেষ্টকেম্পত অনুস্থিত হয় সদস্যতা ভৰ্তি অভিযান বিষয়ক এক অনুষ্ঠান। (BJP’s membership drive in Jalukbari constituency)

এই অনুষ্ঠানত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপীয়ে ভাগ লৈ ভাষণ প্ৰসংগত সদস্যতা ভর্তি অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰয়োজনীয়তা সম্পর্কে আলোকপাত কৰে আৰু দিল্লী-দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনত থকালৈকে অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকসকল সকলো দিশতে সুৰক্ষিত হৈ থাকিব বুলি ব্যক্ত কৰে।

অনুষ্ঠানত মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সম্পাদক প্ৰতিভা টেৰণপী, জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি দয়া বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তাই ভাষণ প্ৰসংগত সদস্যতা ভৰ্তি অভিযানৰ জৰিয়তে নতুনকৈ সদস্য ভৰ্তি কৰি দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত দলৰ ভাতৃ-ভগ্নী সংগঠনৰ শতাধিক ন-পুৰণি সদস্যই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, যোৱা ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাই নতুনকৈ সদস্য নবীকৰণ কৰি অসমত এই অভিযানৰ শুভাৰম্ভ কৰিছিল। ইফালে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে এই অভিযানে বিজেপিৰ ভেটি আৰু অধিক সুদৃঢ় কৰিব বুলি আশা ব্যক্ত কৰিছে।

Comments are closed.