Breaking

দেৰগাঁৱত বিজেপিৰ ৰণশিঙা, বিশাল পৃষ্ঠা প্ৰমুখ সন্মিলন সম্পন্ন

0 2,051

নিৰ্বাচন সমাগত । তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ।দেৰগাঁৱটো দেখা গৈছে শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা। অৱশ্যে বিৰোধীৰ তুলনাত শাসকীয় দলৰ তৎপৰতা তুংগত ।সমষ্টিটোৰ বিভিন্ন স্থানত সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰি তুলিছে শাসকীয় দল বিজেপিয়ে ।এই উদ্দেশ্যেই বিজেপিৰ কাকডোঙা, খঙীয়া, ঢেকঢ়গঢ়া ব্লক সমিতি আৰু দেৰগাঁও নগৰ মণ্ডলৰ যৌথ উদ্যোগত দেৰগাঁও সমষ্টিৰ বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন খনি দেৰগাঁৱত শনিবাৰে অনুষ্ঠিত হয়।বিজেপি যোৰহাট জিলা সমিতিৰ সভাপতি কামাখ্যা মোহন দাসৰ পৌৰহিত্যত দেৰগাঁৱৰ নেঘেৰিটিং ৰংগমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ১০০+ মিছনৰ উদেশ্যৰে সমবেত হয় দেৰগাওঁ সমষ্টিৰ সহস্ৰাধিক জনতা । সন্মিলন খনিত বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদিঙীয়া , চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা , বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱ প্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক নেত্ৰী সুশীলা হাজৰিকা, গোলাঘাট জিলা এছ চি মৰ্চাৰ সভাপতি ৰঞ্জিত দাস সহ বহু কেইজন নেতাই অংশগ্ৰহণ কৰে । সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ জয় ১০০ শতাংশ বুলি মন্তব্য কৰে বিজেপিৰ নেতৃবৃন্দই ।অন্যহাতে এই সভাতে বিজেপিৰ তৃনমূলৰ কৰ্মী সকলে আগন্তুক নিৰ্বাচনত দেৰগাঁও সমষ্টিটো অগপৰ পৰিবৰ্তে বিজেপি দলৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনায়।

Leave A Reply

Your email address will not be published.