Breaking

শোণিতপুৰত তিনিলাখ ৫৭ হেজাৰৰ অধিক ভোটত বিজয়ী বিজেপিৰ ৰঞ্জিত দত্ত…

0 28

১১নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিকটতম প্ৰতিদ্বন্দ্ব্বী প্ৰাৰ্থী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰেমলাল গঞ্জুক তিনিলাখ ৫৭হেজাৰ আঠশ ভোটত পৰাভূত কৰি সংসদলৈ নিৰ্বাচিত হৈছে৷ দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, দত্তই লাভ কৰে ৭৬৮২৭০টা ভোট৷ আনহাতে কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪১০৪৭০টা ভোট৷


দত্তৰ বিজয়ত উল্লসিত সমৰ্থক সকলে বিজেপি জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ভোটগণনা কেন্দ্ৰৰ বাহিৰত ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে বিজেপিৰ সমৰ্থক সকলে৷উল্লেখযোগ্য যে,জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই বিজয়ী প্ৰাৰ্থীগৰাকীক প্ৰমাণ পত্ৰ দিয়াৰ পাছতে মন্ত্ৰী অশোক সিংহল,তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভা,,ৰঙাপৰাৰ বিধায়ক কৃঞ্চকমল তাঁতি আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ স’তে সংবাদমাধ্যমৰ আগত দত্তই কয় ,“এইদৰে তেওঁক বিপুল ভোটত বিজয়ী কৰাৰ বাবে ৰাইজলৈ ধন্যবাদ৷ শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকে মোক যথেষ্ট মৰম দিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবে আজি এইদৰে বিজপিক আঁকোৱালি লৈছে । আগন্তুক দিনত মোদীৰ আদৰ্শৰে সমষ্টিটোক আগুৱাই নিয়াৰ চেষ্টা কৰিম”


উল্লেখযোগ্য যে,তেজপুৰৰ দৰং মহাবিদ্যালয়ত আজি পুৱা ৫-৩০বজাত ষ্ট্ৰং ৰুম খোলাৰ পৰৱৰ্তী সময়ত পুৱা আঠ বজাৰ পৰা ভোট গণনা আৰম্ভ হয়৷উল্লেখযোগ্য যে, ৬২০গৰাকী বিষয়া কৰ্মচাৰী জড়িত থকা এই ভোট গণনা প্ৰক্ৰিয়াটোত তথা শোণিতপুৰ লোকসভা সমষ্টিৰ দৰং মহাবিদ্যালয়ত ঢেকিয়াজুলি,বৰছলা,তেজপুৰ,ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিক ধৰি মুঠ পাঁচটা বিধান সভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হয়৷আনহাতে বিশ্বনাথত বিহালী আৰু বিশ্বনাথৰ, গহপুৰত গহপুৰৰ আৰু লখিমপুৰত কৰা হয় বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা৷ শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ১২লাখ ৮১হেজাৰ৯৫৯জন ভোটাৰে ভোটদান কৰাৰ বিপৰীতে আজি তেজপুৰত পাঁচটা বিধান সভা সমষ্টিৰ বাবে পাঁচটা কক্ষৰ একোটাত ১৪খনকৈ টেবুলত,বিশ্বানাথত দুটা কক্ষত
১২খনকৈ টেবুলত,গহপুৰ আৰু লখিমপুৰত ১৪খনকৈ টেবুলত ভোট গণনা চলে৷উল্লেখযোগ্য যে, পোষ্টেল আৰু ই টি পি বি এম এছ ভোটৰ গণনা প্ৰথমতে আৰম্ভ কৰা হয় তেজপুৰত আৰু ইয়াৰ বাবে দুটা কক্ষৰ এটাত ১৩খন টেবুলত আৰু দ্বিতীয়টোত ২০খন টেবুলত গণনা হয়৷

তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হোৱা ভোটগণনাত প্ৰথম অৱস্থাৰ পৰাই বিজেপি দলৰ প্ৰাৰ্থী দত্তই অগ্ৰগতি লাভ কৰে৷শোণিতপুৰ লোকসভা সমষ্টিত মুঠ আঠজন প্ৰাৰ্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷এই সকলৰ ভিতৰত আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌন্দিন্যই ৩২৬৯২ টা ভোট, বিপিএফৰ ৰাজু দেউৰীয়ে ১৯৫১৫টা,বহুজন সমাজ পাৰ্টীৰ আলম আলীয়ে ৪১৬৯, ভিপিআইৰ কামেশ্বৰ দেউৰীয়ে ৭২৫৪, গণ শক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰিংকু ৰয়ে ৬৭৫৯ নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীয়ে ৮০৯৪টা ভোট লাভ কৰাৰ বিপৰীতে নটাত ১৮৪৫৯ টা পৰে।

Leave A Reply

Your email address will not be published.