BK Sharma’s Report । জাষ্টিচ বি কে শৰ্মাৰ প্ৰতিবেদন আৰু দেশীসকল

১২ অক্টোৱৰ, গুৱাহাটী: BK Sharma’s Report । অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে যি সমিতি গঠণ কৰি দিছিল, দেশী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে দেশী জনগোষ্ঠীয় মঞ্চ, অসমে সেই সমিতিৰ ওচৰত লিখিত আৱেদন আৰু মৌখিক সাক্ষাতকাৰৰ বাবে তেতিয়াৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সাধাৰণ সম্পাদক শ্বাহজালাল আহমেদ, মজিবুৰ ৰহমান, নুৰবক্ত শ্বেখ, আনিছুৰ ৰহমান, কায়ছাৰ আলী আদি কৰি কেইজনমানক লৈ এখন সমিতি গঠণ কৰি দিছিল। সেই সমিতিখনে গুৱাহাটীৰ ছয় মাইলত তেতিয়াৰ উপ-সভাপতি মজিবুৰ ৰহমানৰ ঘৰত সমবেত হৈ আলোচনা-বিলোচনা কৰি ১৬ পৃষ্ঠাৰ এখন আৱেদন বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিক হাতে হাতে প্ৰদান কৰিছিল আৰু ১৩-১১-২০১৯ তাৰিখে শ্বেখ হেদায়েতুল্লাহ, শ্বাহজালাল আহমেদ আৰু চুলতানা চেলিমা আহমেদ এই তিনিজনৰ এটি প্ৰতিনিধি দলে সমিতিক কোকৰাঝাৰ আৱৰ্তভৱনত সাক্ষাৎ কৰি বক্তৱ্য পেচ কৰিছিল।Justice BK Sharma’s report

পৰৱৰ্তী সময়ত আমি জানিব পাৰিছিলো যে ৰিপোৰ্ট প্ৰস্ততৰ সময়ত দেশী সকলৰ কথা গুৰুত্ব লাভ কৰিছিল। কিন্তু ৰিপোৰ্ট যেতিয়া ৰাজহুৱা কৰা নহল আৰু ৰিপোৰ্ট গ্ৰহণ কৰা পক্ষৰ অৱহেলা লক্ষ্য কৰি আমি ধৰি লৈছিলো যে সেই সময়ত আমি কৰা বৌদ্ধিক কচৰৎ আৰু অনুশীলন অথলে গল বুলি। সৌ সিদিনা অসম চৰকাৰে ১০টা পৰামৰ্শ কেন্দ্ৰলৈ থৈ বাকী ৫৭টা পৰামৰ্শ বা দফা ৰাজ্য চৰকাৰে বাস্তবায়ন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাত স্বাভাৱিকতে ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদন লৈ আমাৰ আশা আকাংখা আৰু উৎসুকতা বাঢ়ি যায়। ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদনএ দেশী সকলৰ বিষয়ে কি কি পৰামৰ আগবঢ়াইছে স্ৱি সম্পৰ্কে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিবেদনৰ ১১৪ পৃষ্টাৰ পৰা টেবিল আকাৰে পৰামৰ্শ সমুহ সন্নিবিষ্ট কৰিছে। তাৰে ১নং টেবিলৰ ক্ৰমিক নম্বৰ ১৮ত দেশী সম্পৰ্কীয় প্ৰথমটো পৰামৰ্শ সন্নিৱিষ্ট হৈছে। ইয়াত লিখিছে, “Cultural complex with an auditorium, library, and exhibition gallery( regarding the Deshi community) be set up in Goalpara.” আমাৰ দাবীৰ সৈতে সম্পুৰ্ণ সহমত পোষণ কৰি গোৱালপাৰাত আমাৰ কল্পনাৰ কালচাৰেল কমপ্লেক্স, প্ৰেক্ষাগৃহ আৰু পুথিভড়াল নিৰ্মানৰ যি ঐতিহাসিক পৰামৰ্শ এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে তাৰ বাবে চেয়াৰ্মেন ন্যায়াধীশ বি কে শৰ্মা ছাৰ সমন্বিতে মাননীয় সদস্য মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো। এই কালচাৰেল কমপ্লেক্স বাস্তৱত ৰুপায়ণ হ’লে, দেশীৰ পৰিচয় প্ৰতিষ্ঠাৰ আন্দোলন সফল হোৱা বুলি ক’ব পৰা যাব।এই টেবিলৰে ১৯ নম্বৰ ক্ৰমাংকত আছে, ” A Film Development Board for Deshi people be set up.” দেশীসকলৰ নামত এনে এটি অনুষ্ঠান স্থাপন কৰাৰ পৰামৰ্শ আমাৰ বাবে বৰ গৌৰৱৰ বিষয়। এই পৰামৰ্শ অৱাস্তৱ নহয়, অসম্ভৱ নহয়। চৰকাৰে ইচ্ছা কৰিলে অতি সহজতে ইয়াক বাস্তৱত ৰূপ দিব পাৰি। indigenous people

টেবিল নম্বৰ ১ৰ ২০ নম্বৰত আছে, “centre be established with enough funds to organise cultural events in every Deshi- inhabited village annually.” (দেশী জনবসতি থকা গাও সমূহত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হওক আৰু প্ৰতি বছৰে সাংস্কৃতিক অনুষ্ঠান কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে পুঁ‌জিৰ ব্যৱস্থা কৰা হওক।) আমাৰ দেশী সকলৰ হেৰোৱা ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা আৰু সংস্কৃতি উদ্ধাৰ কৰি চৰ্চা কৰাৰ বাবে এই দাবীটো কৰা হৈছিল। সাংস্কৃতিক পৰিচয় অৱিহণে দেশীসকলে নিজৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিব। এই দাৱীটোক পৰামৰ্শ হিচাপে সন্নিৱিষ্ট কৰি ন্যায়াধীশ বি কে শৰ্মা সমিতিখনে এটি অতি গুৰুত্বপুৰ্ণ বিষয় স্পৰ্শ কৰিছে।

একেখন টেবিলৰ ২২ নম্বৰ ক্ৰমাংকত আছে ,” A Women’s University and one Medical Institution be set up at Goalpara.” (গোৱাল পাৰাত এখনি মহিলা বিশ্ববিদ্যালয় আৰু এটি চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান স্থাপন কৰক।) নিসন্দেহে এই পৰামৰ্শ টো এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ। ২৩ নম্বৰ্ত আছে যে, “Chair at Gauhati University for promotion of Deshi Language and culture be set up.” ( দেশী ভাষা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন চেয়াৰ স্থাপন কৰা হওক।) নিসন্দেহে দেশী জনগোষ্ঠী, দেশী ভাষা আৰু সংস্কৃতিৰ বাবে এই পৰামৰ্শটো এটি ঐতিহাসিক পৰামৰ্শ। এই পৰামৰ্শ বাস্তবায়নৰ দ্বাৰা দেশী সকলোৰ ভাষা, সাহিত্য সংস্কৃতিৰ বিকাশৰ পথ মুকলি হব। Assam

ন্যায়াধীশ বি কে শৰ্মা ছাৰৰ প্ৰতিবেদনৰ ২ নম্বৰ টেবিলত জনগোষ্ঠী সমূহৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু প্ৰমোচনৰ ক্ষেত্ৰত আগবঢ়োৱা  অতিৰিক্ত পৰামৰ্শসমূহ সন্নিৱিষ্ট হৈছে। ইয়াৰ ১৭ নম্বৰ পৰামৰ্শত আছে, ” Grants and Infrastructure to be provided by Government for Annual Literary Fairs and Cultural Festivals.” (জনগোষ্ঠী সমূহক বাৰ্ষিক সাহিত্য মেলা আৰু সংস্কৃতি উৎসৱ পাতিবৰ বাবে পৰিকাঠামো আৰু মঞ্জুৰী যোগান ধৰা হওক।) স্বায়ত্বশাসিত পৰিষদ নথকা জনগোষ্ঠীসমূহৰ বাবে সাহিত্য মেলা বা সাংস্কৃতিক উৎসৱ অনুষ্ঠিত কৰা বৰ টান কাম। তাৰ বাবেই এই দাবী আমি জনাইছিলো। দেশী, গৰিয়াসকলৰ বাবে এইটো পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দাবী কৰিছিল যে পশ্চিম অসমত থকা বিল, ফৰেষ্ট ৰিজাৰ্ভ, গ্ৰাজিং ৰিজাৰ্ভ আদি অবৈধ দখল মুক্ত কৰা হওক। এই দাবীৰ প্ৰতি সহমত পোষণ কৰি সমিতি খনে পৰামৰ্শ দিছে যে, “Forest grazing lands, grazing reserves and wetlands to be freed from encroachments.” দেশীসকলৰ বাবে আন এটি পৰামৰ্শ সন্নিৱিষ্ট হৈছে ২৩ নম্বৰ ক্ৰমাংকত। “Vulnerable settlements of indigenous people are to be provided security.” বহু দেশী মানুহ নদী ভংগ হৈ স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰি থাকিব লগীয়া হৈছে, কৰবাত কৰবাত অনিচ্ছা সত্বেও বা অজানিতে  চৰকাৰী খাচ মাটিতো আশ্ৰয় লৈ আছে, এনে মানুহ খিনিক নিৰাপত্তা দিয়াৰ যি পৰামৰ্শ নিসন্দেহে ই অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ। Deshi Janagosthi

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰৰ সমিতিৰ প্ৰতিবেদনৰ ৩ নম্বৰ টেবিলৰ ১১ নম্বৰ ক্ৰমিক নম্বৰত এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ সন্নিৱিষ্ট হৈছে। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দেশী সকলৰ বাবে পাচটা বিধান সভাৰ সমষ্টি আৰু এটা লোকসভাৰ সমষ্টি সংৰক্ষণ কৰি দিয়াৰ দাবী জনাইছিল। প্ৰতিবেদনত দেশীসকলোৰ বাবে ৪ নং ধুবুৰী লোকসভাৰ আসন সংৰক্ষিত কৰাৰ পৰামৰ্শই আমাক আনন্দিত কৰিছে। ৰাজনৈতিকভাৱে প্ৰান্তীয় জনগোষ্ঠীত পৰিণত হোৱা দেশী সকলৰ বাবে এই পৰামৰ্শ এটা মাইলৰ খুটি।

প্ৰতিবেদনৰ ৪ নম্বৰ টেবিলত অসমত হোৱা কেন্দ্ৰীয় চৰকাৰৰ নিয়োগৰ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ৭ নম্বৰ পৰামৰ্শত সমিতিয়ে অসমৰ দেশী সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভাগত হোৱা নিয়োগৰ ১০% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। নিসন্দেহে এটি ঐতিহাসিক পৰামৰ্শ।

প্ৰতিবেদনৰ ৫নম্বৰ টেবিলত ৰাজ্যিক চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ পৰামৰ্শ প্ৰদান কৰিছে। এই টেবিলৰ ৮ নম্বৰ পৰামৰ্শত সমিতিয়ে অসম চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত দেশীসকলৰ বাবে ১০% সংৰক্ষণৰ পৰামৰ্শ সন্নিৱিষ্ট কৰিছে। শুনি ভাল লাগিছে।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনে পশ্চিম অসমৰ দেশী সকলৰ অস্তিত্বৰ সংকট দূৰ কৰি  পৰিচয় প্ৰতিষ্ঠা কৰি জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহি আছে।বহু সিদ্ধান্ত দেশী সকলৰ পক্ষত ঘোষিত হৈছে।এই ক্ষেত্ৰত শেহতীয়া সংযোজন হল ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰণ সম্পৰ্কীয় পৰামৰ্শ দাতা এই সমিতিৰ প্ৰতিবেদন। এই প্ৰতিবেদনত দেশী সকলৰ বাবে যি পৰামৰ্শ সমূহ সন্নিৱিষ্ট হৈছে, এই পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ বাবে আমি ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰী পৰিষদক অনুৰোধ জনাইছো।এই প্ৰতিবেদনত সন্নিৱিষ্ট হোৱা পৰামৰ্শৱলী নিশ্চয় দেশীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব। শেষত নিৰীহ দেশী জনগোষ্ঠীৰ হৈ সন্মানীয় ন্যায়াধীশ বি কে শৰ্মা ছাৰ আৰু অন্যান্য শ্ৰদ্ধাৰ সদস্য সকলোক ধন্যবাদ জ্ঞাপন কৰিছো।Article 6

লেখকঃ শ্বেইখ হেদায়তুল্ল্যাহ (Sheikh Hedayatullah)

Related Articles