Breaking

Black Pepper Health Benefits: বহু ৰোগৰ মহাষৌধ জালুক! প্ৰতিদিনে পুৱা খালী পেটত খাওক জালুক

134

খাদ্যত ক’লা জালুক অন্তৰ্ভুক্ত কৰিলে সোৱাদ বৃদ্ধি পায়, কিন্তু আপুনি জানেনে যে এই জালুক খালে স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।(Black Pepper Health Benefits)

ক’লা জালুক এনে এবিধ মছলা, যি বিধ মছলা ভাৰতৰ প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে পোৱা যায়। জালুকৰ সহায়ত আপুনি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰে। জালুক আয়ুৰ্বেদিক ঔষধতকৈ কম নহয়, জালুকত থকা কেপচাইচিন(Capsaicin)শৰীৰৰ বাবে অতি উপকাৰী।(Black Pepper Health Benefits) প্ৰতিদিনে পুৱা খালী পেটত যদি ক’লা জালুক গৰম পানীৰ সৈতে মিহলি কৰি সেৱন কৰে তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে। আহকচোন জানো ক’লা জালুকে স্বাস্থ্যৰ কিদৰে উপকাৰ কৰে। ক’লা জালুক খোৱাৰ ৭ টা উপকাৰ-

১/ ক’লা জালুকে ষ্টেমিনা বৃদ্ধি কৰে

কুহুমীয়া পানীৰ সৈতে ক’লা জালুক খালে শাৰীৰিক ষ্টেমিনা বৃদ্ধি পায়। লগতে শৰীৰত পানীৰ অভাৱ নিয়ন্ত্ৰিত হয়। বিশেষকৈ শ্ৰমিক পুৰুষৰ বাবে ই অতি স্বাস্থ্যকৰ পানীয়।

২/ পেটৰ সমস্যা নাইকিয়া হৈ যাব
যদি পেটত গেছ বা এচিডিটি থাকে, তেন্তে নেমুৰ ৰসত এচিকুট ক’লা নিমখ আৰু ক’লা জালুকৰ গুড়ি মিহলাই খাব। দেখিব ক্ষন্তেকতে বিষৰ পৰা উপশম পাব।

৩/ টেনচন নাইকিয়া হ’ব
ক’লা জালুকত পাইপেৰিন থাকে আৰু ইয়াৰ এন্টি-ডিপ্ৰেছন গুণ আছে। যাৰ বাবে ক’লা জালুকে মানুহক উত্তেজনা আৰু হতাশা দূৰ কৰাত সহায় কৰে।

৪) আঁঠু দুৰ্বল নহ’ব
ক’লা জালুকে আঁঠুৰ বিষৰ পৰা সোনকালে সকাহ দিয়ে। ক’লা জালুক, নিমখ সমান পৰিমাণে মিহলাই গুড়ি বনাই সৰিয়হৰ তেল কেইটোপালমান মিহলাই দাঁতত লগাই আধা ঘণ্টাৰ পিছত মুখখন পৰিষ্কাৰ কৰক। ইয়াৰ ফলত আপোনাৰ দাঁত আৰু আঁঠুৰ বিষৰ সমস্যাও দূৰ হ’ব।

৫/ কেন্সাৰ প্ৰতিৰোধ কৰিব
ক’লা জালুক খোৱাটো মহিলাৰ বাবে অতি উপকাৰী। ক’লা জালুকত ভিটামিন চি, ভিটামিন এ, ফ্লেভন’ইড, কেৰটিন আৰু অন্যান্য এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

৬/ ঠাণ্ডাৰ সমস্যা নাইকিয়া হ’ব
ইয়াৰ বাহিৰেও ঠাণ্ডাৰ দিনত গৰম গাখীৰৰ লগত মিহলি কৰি ক’লা জালুক খালে সকাহ পোৱা যায়। ইয়াৰ বাহিৰেও যদি বাৰে বাৰে ঠাণ্ডা লাগে তেন্তে অবিৰতভাৱে হাঁচি আহি থাকে, তেতিয়া ক’লা জালুক প্ৰতিদিনে এটাকৈ বৃদ্ধি কৰি পোন্ধৰটালৈকে আৰু তাৰ পিছত প্ৰতিদিনে এটাকৈ কমাই পোন্ধৰৰ পৰা এক হোৱালৈকে খাব। এইদৰে আপুনি ঠাণ্ডাৰ সমস্যাৰ পৰা সকাহ পাব।

৭) পানীলগা সমস্যা নাইকিয়া হৈ যাব
যদি আপোনাৰ পানীলগাৰ সমস্যা আছে তেন্তে কুহুমীয়া পানীৰ সৈতে ক’লা জালুক সেৱন কৰিলে শৰীৰত পানীৰ নাটনি ৰোধ হয়। ইয়াৰ ফলত শৰীৰ ভাগৰুৱাও নহয়। ইয়াৰ লগতে ছালত কোনো শুকানতা নাথাকে।

লগতে পঢ়কঃ Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!

Comments are closed.