Breaking

লক্ষীপুৰত ব্লক ভিত্তিত বিজ্ঞান মেলা : ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰতিযোগিতা

0 124

গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ টাউন হাই স্কুল চৌহদত  দিনযোৰা কাৰ্যসূচীৰে লক্ষীপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু অসম বিজ্ঞান কাৰিকৰী আৰু পৰিবেশ পৰিষদৰ সহযোগত বিজ্ঞান ভিত্তিত প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই উপলক্ষে পূৱা দহ বজাত বিভিন্ন বিদ্যালয়ৰ পৰা অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিত পোষ্টাৰ অংকন, বিজ্ঞান ভিত্তিত আকস্মিক বক্তৃতা আৰু বিজ্ঞানৰ আৰ্হি (মডেল)প্ৰতিযোগীতা  অনুষ্ঠিত হয়।  এই বিজ্ঞান প্ৰতিযোগিতাত লক্ষীপুৰ শিক্ষা  খন্ডৰ বহু কেইটা বিদ্যালয়ৰ শতাধিক  ছাত্ৰ-ছাত্ৰী অংশ গ্ৰহণ কৰে।  প্ৰতিযোগিতাৰ অন্তত বিজ্ঞান কেন্দ্ৰিক সজাগতা সভা আৰু বটাঁ বিতৰনী সভা অনুষ্ঠিত হয়।  লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অনুজা দেৱীৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে লক্ষীপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিজুলী চক্ৰবৰ্তীয়ে। সভাত বস্তু নিষ্ঠ বিজ্ঞান মনস্কতা, বিজ্ঞান শিক্ষা, বিজ্ঞান চৰ্চা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰয়োজনীয়তা আদি বিষয় লৈ ভাষণ আগবঢ়ায় লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অনুজা দেৱী,  লক্ষীপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী প্ৰবক্তা ডঃ মীৰা দেৱী, লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ শৰ্মা, বাঃ নুৰুল ইচলাম,  ফেটেংগাপাৰা হাই স্কুলৰ বিজ্ঞান শিক্ষক সৰ্বানন্দ শৰ্মা, লক্ষীপুৰ টাউন  হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল বাতেন আহমেদ আদিয়ে।  সভাত লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ জ্যোতিষ চক্ৰবৰ্ত্তী, শিক্ষক দ্বিজেন গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল বাকী,  শিক্ষক ৰাম প্ৰসাদ,  বিজ্ঞান শিক্ষক মন্জুৰ আলম, বিজ্ঞান শিক্ষক আচমত আলী আহমেদ, বিশিষ্ট সাংবাদিক-সমাজ কৰ্মী  মতিউৰ ৰহমান প্ৰমূক্ষে গন্য-মান্য ব্যক্তি  সজাগতা সভাত অংশগ্ৰহণ কৰে। মূল কাৰ্যসূচী আৰাম্ভ হোৱাৰ আগতে বিজ্ঞান প্ৰতিযোগিতা  উপলক্ষে পতাকা উত্তোলন কৰে অধ্যক্ষা অনুজা দেৱী আৰু বন্তি প্ৰজ্জ্বলন কৰে সমল ব্যক্তি ছফিয়ৰ ৰহমানে।

Leave A Reply

Your email address will not be published.