টুইটাৰৰ পৰা নাইকীয়া হ’ব নীলা চৰাই; কিয় জানেনে?

ইলন মাস্কৰ নতুন সিদ্ধান্ত৷ সলনি কৰিব টুইটাৰৰ ল’গ’। যাৰ বাবে এতিয়াৰে পৰা টুইটাৰত ল’গ’ হিচাবে নীলা চৰাই অৰ্থাৎ ব্লু বাৰ্ড ল’গ’ক দেখা পোৱা নাযাব।

মাস্কে দিয়া ‘X.com’ এতিয়া ‘twitter.com’ শীৰ্ষক এটি পোষ্টে এই ইংগিতকেই বহন কৰিছে।

ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো টুইটাৰৰ ল’গ’ সলনি কৰাৰ কথা অৱগত কৰাৰ সমান্তৰালভাবে কিছুদিন পূৰ্বে অস্থায়ী শ্বিবা ইনু ডগ ল’গ’ টুইটাৰৰ ল’গ’ হিচাবে ৰখাৰ বাবে সৰ্বত্ৰে চলিছিল চৰ্চা।

আৰু তাৰ পাছতেই শেহতীয়া ভাবে মাস্কে সৰ্ব পৰিচিত টুইটাৰৰ ল’গ’ ব্লু বাৰ্ডৰ সলনি ‘X’ক ল’গ’ হিচাবে পৰিচিত কৰাৰ ইংগিত দি ইতিমধ্যেই টুইটাৰত কেইবাটাও পোষ্ট দিছে।

Related Articles