Breaking

বৰপেটাৰোড সমীপৰ বালাভিঠা জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত নাও খেল প্ৰতিযোগিতা…

0 93

বৰপেটাৰোড সমীপৰ বালাভিঠা জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত ২৬ আগষ্টত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে নাও খেল প্ৰতিযোগিতা। তাৰে সমান্তৰালকৈ বৃহত্তৰ বালাভিঠা অঞ্চলৰ বালাভিঠা বেকী দলংৰ ওচৰত জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ’চাইটিৰ সৌজন্যত অসম ভিত্তিত নাও খেল অনুষ্ঠিত হ’ব। সমাগত ১৫ আগষ্ট ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে অহা ২৬ আগষ্টত সচেতন ৰাইজৰ তৎপৰতাত বৃহৎ নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰথম গ্ৰুপত ৭৫ ফুটৰ ওপৰত নাও হ’ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৬০,০০১টকাৰ লগতে ট্ৰফি এটা দ্বিতীয় পুৰস্কাৰ ৪০,০০১টকাৰ লগতে ট্ৰফি এখন। দ্বিতীয় গ্ৰুপৰ ৭৫ ফুটৰ তলৰ নাও হ’ব লাগিব আৰু প্ৰথম পুৰস্কাৰ ৩০,০০১ টকাৰ লগতে ট্ৰফি এখন দ্বিতীয় পুৰস্কাৰ ২০,০০১ টকা ট্ৰফি এখন। সমাগত ২৬ আগষ্ট তাৰিখে হবলগীয়া নাও খেল প্ৰতিযোগিতাৰ আজি বেকী নদীত এখন নাৱেৰে প্ৰস্তুতি চলায়।

Leave A Reply

Your email address will not be published.