Breaking

বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

0 1,524

পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে বোকাজান মহকুমাৰ অন্তৰ্গত ৩ নং হলৌখোৱা কলিয়াবিলৰ দেৱৰাজ চবৰৰ দ্বিতীয় পুত্ৰ জিম্বু চবৰ নামৰ ২৭ বছৰীয়া যুৱক জনে বিগত ৭ বছৰ ধৰি তামিলনাডুত কম্পেনীত কৰ্মৰত অৱস্থাত আছিল ৷ বিগত সময়ত তামিলনাডুৰ পৰা যুৱক জনৰ ঘৰৰ লগত যোগাযোগ থিকেথাকেই ছলি আছিল ৷ কিন্তু যোৱা এসপ্তাহ ধৰি ল’ৰা জনৰ লগত ঘৰখনে ফোনত যোগাযোগ কৰিব পৰা নাছিল ৷
হৎথাতে পৰিয়ালৰ ঘৰৰ মবাইল নম্বৰত ৯৪৯৮১০১০৪৮ নম্বৰটোৰ পৰা তামিলনাডু পৰমাৰ্থি থানাৰ পৰা অহা এটা ফোন কল আৰু লৰাজনৰ একপি ফটোৱে পৰিয়াল লোকসকলৰ লগতে গাৱঁবাসীক হতচকিত কৰি তুলিছে ৷
ফোন যোগে পৰিয়ালৰ লোকক তামিলনাডুৰ আৰক্ষীয়ে জনোৱামতে যুৱক জনৰ মৃতদেহ এটা নলাৰ পৰা উদ্ধাৰ কৰি চিনাক্ত কৰি পৰিয়ালৰ লোকক খৱৰ জনাইছে ৷ বৰ্তমান যোৱক জনৰ মৃতদেহ তামিলনাডুৰ কোনোবা চিকিৎসালয়ৰ মৰগত পৰি আছে ৷
দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ৰহস্যজনক ভাৱে যুৱক জনৰ মৃতদেহটোৰ ফটো দেখি সন্দেহ প্ৰকাশ কৰিছে যে কোনোবাই নিৰ্মম ভাৱে হত্যা কৰিছে তেওঁলোকৰ পুত্ৰক ৷
তামিলনাডুৰ পৰা কেনেকৈ যুৱক জনৰ মৃতদেহটো ঘৰলৈ আনিব পাৰে তাৰ উপায় বিছাৰি স্হানীয় পুলিচ প্ৰশাসনৰ কাষ চপাৰ লগতে অসম চৰকাৰক পুত্ৰৰ মৃতদেহটো আনি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোক সকলে ৷

Leave A Reply

Your email address will not be published.