Breaking

নগাঁৱত ক্ষত- বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

0 2,051

নগাঁও চহৰৰ গাতে লাগি থকা মধুপুৰ শিয়ালমাৰীৰ ৰে’ল গেটৰ ওচৰত আজি পুৱা এজন প্ৰায় ৪৪ বছৰীয়া যুৱকৰ ক্ষত- বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন হ’ল মধুপুৰ কদমতলৰ সঞ্জীৱ বৰা। স্থানীয় সূত্ৰই জনোৱা মতে কালি সন্ধিয়া নিজৰ মটৰ চাইকেলেৰে ঘৰৰ পৰা ওলাই অহা সঞ্জীৱ বৰা বহু দেৰিলৈকে ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ পিছত বিচাৰি নোপোৱাত নিশা প্ৰায় ১০ বজাত পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত যুৱক জনৰ সন্ধানহীন হোৱা ঘটনাৰ বিষয়ে লিখিতভাৱে অবগত কৰে। আৰক্ষীয়ে নিশাই যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও যুৱকজনৰ সন্ধান নাপালে। আজি পুৱা স্থানীয় একাংশ লোকে শিয়ালমাৰী ৰে’ল গেটৰ ওচৰত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে। নগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে যুৱকজনৰ এ পি ২৮-৪৮৮৬ নম্বৰৰ বাইকখনো উদ্ধাৰ কৰে। জানিব পৰা মতে যুৱকজনে ইভেণ্ট মেনেজমেন্টৰ ঠিকা কৰে। মূলতঃ বিয়া বাৰুৰ ৰভাকে ধৰি খোৱা বোৱা আদিৰ কাম কৰি আহিছে। বিগত বৰ্ষতো তেওঁ এনে কামৰ ঠিকা পাইছিল যদিও বিগত বৰ্ষত হোৱা ক’ভিডজনিত পৰিস্থিতিৰ বাবে লোকচানৰ সন্মুখীন হৈছিল। এইবাৰো বহু কেইটা এনে কামৰ ঠিকা লাভ কৰিছিল যদিও সম্প্ৰতি ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে  বিবাহ আদি কাম কাজত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। ফলত যুৱকজন মানসিকভাবে ভাঙি পৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিৰ মাজতে আজি যুৱকজনৰ মৃতদেহ ৰে’ল লাইন দাঁতিত উদ্ধাৰ হোৱা কাৰ্যই কেইবাটাও বিষয়ৰ ইংগিত দিছে। আৰক্ষীয়ে জনোৱা মতে যুৱক জনৰ মূৰত আঘাটৰ চিন স্পষ্টভাৱে আছে। আন এক সূত্ৰই জনোৱা মতে কালি সন্ধিয়া গুৱাহাটী শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লে খুন্দা মৰাৰ ফলত যুৱকজনে মৃত্যুক সাৱটি ল’ব লগা হয়। কি পৰিস্থিতিত যুৱকজনক ৰে’লখনে খুন্দা মাৰিব লগা হ’ল সেয়া জানিব পৰা হোৱা নাই। অবশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে যুৱকজনৰ এনে মৃত্যুৰ কাৰণ পৰিষ্কাৰ হ’ব বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে। মৃত্যুৰ সময়ত যুৱকজনে পত্নী, দুই পুত্ৰ, পিতৃ- মাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave A Reply

Your email address will not be published.