গুৱাহাটী, ২৫ ডিচেম্বৰঃ বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।
আজি প্ৰাকৃতিক ৰম্যভূমি বগামাটি বনভোজ স্থলীত ৰঙা ফিটাৰ কাটি শুভ উদ্বোধন কৰি ইএম নাৰ্জাৰীয়ে কয়, বছৰৰ শেষ আৰু বছৰৰ প্ৰথম মাহত বহু শিক্ষানুষ্ঠান ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ উপৰি বহু পৰিয়ালে লগ-বন্ধুৰ সৈতে এখাজ বনভোজ (পিকনিক)(Picnic Spot) খাবলৈ বগামাটিলৈ আহে।(BTR)
বগামাটিত দেশ, বিদেশৰ পৰ্যটকৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দল অকল খোৱাৰ উদ্দেশ্য নাথাকে ইয়াৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি জীৱ, জন্ত, চৰাই, চিৰিকতি, পাহাৰ, ভৈয়ামৰ পৰিবেশ অধ্যায়ন কৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে।(BTC)
এনেকুৱা এটা পৰিবেশত যদি মদ, পানী খায় উচ্চস্তৰত শব্দ যন্ত্ৰ ব্যৱহাৰ কৰা হয় তেতিয়া হ’লে পাহাৰ, ভৈয়ামৰ জীৱ, জন্ত, চৰাই, চিৰিকতি অসুবিধাৰ সৃষ্টি হয়। আৰু বহু নহ’ব লগীয়া ঘটনা, দুৰ্ঘটনা সংঘটিত হয়।
সেয়েহে অসম, বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে স্থানীয় জিলা প্ৰশাসনে এছঅ’পিসমূহ মানি চলাৰ বাবে আহ্বান জনাইছে ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে।
বগামাটিৰ দাওঁৰায়ঝাৰ ইটো টৰিজিম ছ’ছাইটিয়ে ইতিমধ্যে এছঅ’পি (SOP) ঘোষণা কৰিছে। ছ’ছাইটিৰ সভাপতি ৰবি ৰাম বড়ো, সম্পাদক জৌদাও বসুমতাৰী আৰু উপদেষ্টা ৰাজেন বড়ো, সিমাং নাৰ্জাৰীয়ে আজি সংবাদ মাধ্যমৰ জৰিয়তে কয়, শীত আগমণৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত ভূটান সীমান্তৰ তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ভূটান পাদদেশৰ পৰা ওলাই অহা প্ৰাকৃতিক ৰম্যভূমি বগামাটিত বনভোজকাৰী দলৰ আগমন হৈছে।
বৰনদী অভয়াৰণ্যত হাতী, বাঘ, ভালুক, হৰিণ, ময়ুৰ পক্ষীৰ ইত্যাদিৰ উপৰি বিভিন্ন সৰিসৃপ জীৱৰে পৰিপূৰ্ণ প্ৰাকৃতিক ৰম্যভূমি বগামাটি যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বনভোজ স্থলীত মদ বিক্ৰী আৰু খোৱা বন্ধ কৰি সুৰা মুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে।
তদ্ৰুপ বনভোজকাৰী দলসমূহে উচ্চস্তৰত শব্দ যন্ত্ৰ, প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰি ছ’চাইটিৰ বিনা অনুমতিত জংঘললৈ যোৱা নিষিদ্ধ কৰা হৈছে বুলি ঘোষণা কৰি বনভোজ কাৰী দলসমূহে পুৱা ৯ বজাত প্ৰবেশ কৰি আবেলি ৪ বজাৰ ভিতৰত ওলাই অহাৰ বাবে আহ্বান জনায।
উল্লেখযোগ্য যে যোৱা ৪ ডিচেম্বৰত তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছিল। উক্ত অঞ্চলসমূহত যাতে পাৰিপাৰ্শ্বিক তথা পাৰিস্থিতিক ভাৰসাম্য অটুট থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা দণ্ডাধীশগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
তাৰ পাছতেই আৰক্ষী তথা বন বিভাগ সষ্টম হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে বগামাটি অঞ্চললৈ বনভোজ খাবলৈ যোৱা দলৰ পৰা আৰক্ষী আৰু বন সুৰক্ষা বিভাগে উচ্চ স্তৰৰ ছাউণ্ড ছীষ্টেম মুখ্যগেটত জব্দ কৰি মদ সেৱন বন্ধ কৰাৰ লগতে অঞ্চলটোত প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ বনভোজ দলৰ লোকসকলক বুজাই দিছে।
জিলাখনত চলি থকা হস্তী-মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ শলাগ লৈছে সচেতন মহলে।
উল্লেখ্য, উক্ত অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত বনভোজ দলসমূহে পুৱা ৯ বজাৰ আগত বনভোজস্থলীত উপস্থিত হোৱাত বাধা আৰোপ কৰাৰ লগতে তেওঁলোকে আবেলি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব বুলি জাৰি কৰা নিষেধাজ্ঞা আৰু পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বলৱৎ হৈ থাকিব বুলি জানিবলৈ দিছে।