১৬ ডিচেম্বৰ,২০২৪ঃ Bogdoi। মানুহৰ নিজ হাতে খন্দা অসমৰ একমাত্ৰ নদী হল ভোগদৈ,আৰু এই ভোগদৈ নদী যোৰহাটবাসী স্বাভিমান আৰু ভোগদৈ নদী সন্মুখত লৈয়ে যোৰহাট বাসীয়ে নিজৰ জীৱন ধাৰণ প্ৰণালী আৰম্ভ কৰা লগতে ভোগদৈ লৈ তেওঁ লোকৰ বহু সপোন নিৰ্হিত হৈ থাকে।কিন্তু স্বাভিমান নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত।কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীত জাৱৰ জোথৰ মল মুত্ৰ পেলাই নদীখন অপৰিস্কাৰ কৰি পেলোৱা লগতে ইয়াৰ বক্ষ বাম কৰি পেলাইছে, ফলত ক্ষণে ক্ষণে মৃত্যু পিনে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল এদল যুৱবাহিনী।
যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলাৰ পৃষ্ঠপোষকতাত প্ৰশিক্ষণ প্ৰাপ্ত এদল অসামৰিক প্ৰতিৰক্ষা বিভাগত অস্বায়ী ভাৱে নিয়োজিত কৰ্মীয়ে পৰা আৰম্ভ কৰিছে ভোগদৈ বক্ষ পৰিস্কাৰ কৰাত।প্ৰশিক্ষণ প্ৰাপ্ত এইসকল কৰ্মচাৰীয়ে দহদিনীয়া কাৰ্যসূচী লৈ উক্ত কামত নামি পৰিছে আৰু পুন্য উদ্যোমে একসকল কৰ্মচাৰীয়ে ভোগদৈত নামি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।আজি ভোগদৈ পৰিস্কাৰ কাৰ্যসূচী মুকলি আৰু শুভাৰম্ভ কৰে যোৰহাট সমষ্টিৰ বিধানসভা হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা আয়ুক্ত জয় শিবানীয়ে।আনহাতে কাৰ্যসূচী শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় মই বহু বছৰ ধৰি যোৰহাট সমষ্টিৰ বিধায়কৰ আসন শুৱনি কৰি আহিছো আৰু এই কামকৰিবলৈ বহু চেষ্টা কৰিছিলো ,সফল হোৱা নাছিলোঁ কিন্তু এদল যুৱ বাহিনীয়ে গ্ৰহণ কৰা এই পদক্ষেপ সচাই প্ৰশংসনীয় আৰু তেওঁ লোকৰ কাম কাজত যি প্ৰয়োজন হয় সেইয়া মই দিবলৈ প্ৰস্তুত আৰু ভোগদৈ লৈ এক প্ৰস্তাৱ চৰকাৰক দিয়া হৈছে ।
শীঘ্ৰে প্ৰস্তাৱক চৰকাৰে আৱন্টন দিব ।তেতিয়া ভোগদৈক লৈ দেখা সপোন বাস্তৱত প্ৰতিফলিত হ’ব।আনহাতে অসামৰিক প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰা লগতে ভোগদৈক লৈ আমাৰ যি পৰিকল্পনা আছে সেয়া আমাৰ নজৰত আছে বুলি কয় যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে।উল্লেখ্য যে স্বৰ্গদেউ গৌৰীনাথ সিংহই বিদ্ৰোহী মায়ামৰা হাতৰ পৰা আহোম সামাজ্ৰ উদ্ধাৰ কৰা পাছত গড়গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাট লৈ ৰাজধানী স্থানান্তৰিত কৰিছিল।সেই ৰাজধানী কাষতে এখন নৈৰ আৱশ্যকতা অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই য়ে ভোগ দি খান্দি নগা পাহাৰ পৰা যোৰহাটৰ মাজেদি বোৱাই আনি ব্ৰহ্মপুত্ৰত পেলাইছিল।সেয়েহে ভোগ দি নদীখন খন্দা বাবে ইয়াৰ নাম ভোগদৈ হল ।