Bohag Bihu 2025: ব’হাগ বিহুত কিয় লোৱা হয় জেতুকা ?

আমি সকলোৱে ব’হাগ বিহুত জেতুকা লওঁ, বিহুত জেতুকা লোৱাটো বহু পৰম্পৰাগত কাৰণত। জেতুকা এক ঔষধি উদ্ভিদ, বিহুৰ সময়ত হাতত লোৱাৰ বাবে(Bohag Bihu 2025)ব্যৱহাৰ কৰা হয় জেতুকা। জেতুকাৰ পাত পিহি হাতত লগাই, যাৰ ফলত হাত তলুৱাত সৃষ্টি হয় এক বিশেষ ৰং। কেৱল জেতুকা হাতৰ তলুৱাত বা সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰা নহয়। জেতুকা পাতত আছে বহু ঔষধি গুণো। বহুতে জেতুকা চুলিতো ব্যৱহাৰ কৰে, ইয়াৰ ফলত চুলিব বহু সমস্যা দূৰ হয়। আনহাতে বহুতৰ মতে হাত বা ভৰিৰ তলুৱাত জেতুকা সানিলে বসন্তৰোগ প্ৰতিৰোধ কৰ। জেতুকা ব্যৱহাৰৰ কিছুমান কথা জানো আহক-


হাত- ভৰিৰ নখত হোৱা নখচুকীয়া, নখ ফটা , নখৰ বিষ, নখ ফুলা আদি সমস্যাত জেতুকা পাত লগাব লাগে।

চুলিত বহুতে জেতুকা পাত লগালে চুলি ঘন ,ক’লা আৰু মসৃন হয় লগতে চুলি সৰা বন্ধ হয় আৰু নতুন চুলি গজে আৰু অকাল পক্কতা দূৰ হয়। আনহাতে উচ্চ ৰক্তচ্চাপ ৰোগীয়ে জেতুকাপাতৰ প্ৰলেপ মুৰত সনাটো উপকাৰী ।
নিম্ন ৰক্তচ্চাপ ৰোগীয়ে এনে প্ৰলেপ মুৰত নলগাব।


দাঁতৰ আলু ফুলিলে, পকি পুজ ওলালে বা বিষ হলে জেতুকা পাতৰ ৰস লগালে কিছু আৰাম পায় ।


মুখৰ ভিতৰত, জিহ্বা নাইবা ডিঙিৰ ঘা, চাল উঠা বা তেনে সমস্যাত জেতুকাৰে কুলু কুলু কৰিলে কিছু আৰাম পাই ।


মৃগী ৰোগীৰ বাবে জেতুকা ৰস দুচামুচ গাখীৰৰ লগত খোৱাতো উপকাৰী বুলি কয় ।

শৰীৰত বগা দাগ , কুষ্ঠ ৰোগ আদিত জেতুকা খোৱাৰ লগতে বাহ্য প্ৰয়োগত সুফল পায় বুলি বিশ্বাস।

Related Articles