Bohag Bihu 2025: আমৰলি পৰুৱা টোপ কিয় খোৱা হয়, গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

আজি অসমীয়া প্ৰাণৰ হেঁপাহৰ আজি গৰু বিহু ৷(Bohag Bihu 2025) চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এইগৰু বিহু উপলক্ষে ৰাজ্যজুৰি পাৰভঙা উচাহ ৷ গৰু বিহু দিনা পৰম্পৰা খাদ্য হিচাপে আমৰলি পৰুৱা টোপ খায় । সেয়ে উৰুকা বজাৰত ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰে ৷আনহাতে গৰুবিহুদিনা গ্ৰামাঞ্চলৰ বহুতে আমৰলি পৰুৱাৰ বাহৰ সন্ধানত পুৱাই ওলাই য়ায় ৷যিহতু আমৰলি পৰুৱাই বাহ বান্ধে ওখ গছৰ ডালত ৷সেয়ে ইয়াক সংগ্ৰহ কৰাটোও অত্যন্ত কষ্টকৰ কাম ৷ আমৰলি পৰুৱাৰ কামোৰত যথেষ্ট যন্ত্ৰণাভোগ হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ তৎসত্বেও প্ৰতিজন অসমীয়াই আজি আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰে ৷ লোকবিশ্বাস অনুসৰি–আজি দিনটোত আমৰলি পৰুৱা টোপ খালে বছৰটোলৈ নিৰোগী হৈ থাকে ৷ উচ্চ প্ৰটিনযুক্ত উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত এই আমৰলি টোপে সু স্বাস্থ্য অটুট ৰখাত সহায় কৰে ৷ একেদৰে আজি দিনটোত লোক বিশ্বাস অনুসৰি প্ৰতিজন অসমীয়াৰ ঘৰৰ দুৱাৰমুখত টিকনি বৰুৱা নামৰ এবিধ লতাজাতীয় কাঁইটীয়া শাকো আঁৰি দিয়া নিয়ম ৷ তদুপৰি আজি দিনটোতে এশ এবিধ শাকেৰে ব্যঞ্জন ৰন্ধা উপৰিও আগদিনা ৰান্ধি থোৱা ঠাণ্ডা ভাতত পানী ঢালি খোৱা নিয়ম আছে ।

এই পৰম্পৰা সম্পৰ্কত ধেমাজিৰ তুলসীবাৰী গাঁৱৰ লোকঔষধি চিকিৎসক দেৱকান্ত কোচে কয় –“ আজি গৰু বিহু ৷ জনগোষ্ঠীৰ মাজত পৰম্পৰা চলি আহিছে যে আমৰলি পৰুৱা টোপ পাৰি খায় ৷ইয়াৰ কথাটো হ’ল যে আমাৰ শৰীৰ যিবিলাক Toxin আছে ৷ বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ’ব পাৰে । আমৰলি টোপ ত এবিধ এচিড থাকে ৷ সেই এচিডটোৰ কাৰণে এবছৰলৈ ৰোগ মুক্ত হৈ থাকে ৷ এই কথাটো জনবিশ্বাসমতে চলি আহিছে আৰু ই বৈজ্ঞানিকভাৱেও সত্য ৷

দ্বিতীয় কথাটো হ’ল আজিৰ দিনটোতে বন শাক বা বন দৰৱ ১০১বা ১০৮টা খোৱা হয় ৷আমি জানো যে দ্ৰৱ্য গুন বুলিলে প্ৰতিটো বন ঔষধিতে ৰাসায়নিক ক্ৰিয়া থাকে । যিটো দেহৰ বাবে প্ৰয়োজন ৷এই সকলোবোৰ মিলাই চবজি হিযাপে খালে দেহৰ অসাংক্ৰাম্যতা বা ৰোগ প্ৰতেৰোধ ক্ষমতা বৃদ্ধি পায় “৷

গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

গৰু বিহুৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা সমূহৰ ভিতৰত ইয়ো এটা অন্যতম ৷ হাবি বা বাৰীৰ চুকত প্ৰাকৃতিভাৱে উপলব্ধ হোৱা এই টিকনি বৰুৱা নামৰ এবিধ কাঁইটীয়া লতা জাতীয় গছ সংগ্ৰহ কৰি ঘৰৰ দুৱাৰ মুখত লগোৱা হয়৷

Related Articles