BOLLYWOOD: নিৰ্বাচনতো ‘ভিলেইন’ এজাজ, ১০৩টা ভোট লাভেৰে নোটাৰ হাততো পৰাস্ত হ’ল

নিউজ ডেস্কঃ এজাজ খান, ড্ৰাগছৰ অপৰাধত ২ বছৰ কাৰাবাস খাটি ২০২৩ চনত মুক্তি পাইছিল। ৭০০ দিনৰ কাৰাবাসৰ অন্তত মুক্তি পাই ৰাজনীতিত প্ৰৱেশ কৰি থমকি ৰোৱা নাছিল যদিও নেতা হোৱাৰ লক্ষ্যৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত আজাদ সমাজ পাৰ্টিৰ টিকটত ভাৰ্চোভাৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। কিন্তু ফলাফলত এজাজে সংবাদ শিৰোনাম দখল কৰিলে।

এজাজ খানৰ ইনষ্টাগ্ৰামত ৫৬ লাখ ফ’ল’ৱাৰ আছে। ‘বিগ বছ’ৰ বিখ্যাত অভিনেতাগৰাকীয়ে মাত্ৰ ১০৩টা ভোট লাভ কৰি নোটা প্ৰাৰ্থীৰ হাততো পৰাস্ত হয়। মুঠতে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত এজাজৰ ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তাক মূলধন হিচাপে লোৱা চন্দ্ৰশেখৰ আজাদৰ আজাদ সমাজ পাৰ্টি ব্যৰ্থ হ’ল।এজাজক পৰাস্ত কৰি হাৰুণ খানে ৫৮ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে। নোটাই ১০২২টা ভোট লাভ কৰাৰ বিপৰীতে এজাজে মুঠ ১০০ৰ সীমা অতিক্ৰম কৰে কোনোমতে। ৫৬ লাখৰো অধিক ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ থকাৰ পিছতো কেনেকৈ মুঠ ১০৩টা ভোট লাভ কৰিলে ছ’চিয়েল মিডিয়াৰ তাৰকাগৰাকীয়ে?

প্ৰসংগক্ৰমে ২০২১ চনৰ মাৰ্চ মাহত এজাজ খানক ড্ৰাগছৰ গোচৰত ৮ ঘণ্টীয়া মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল। মুম্বাই বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে এনচিবিয়ে। ইয়াৰ পিছত জেৰাৰ সময়ত এজাজৰ উত্তৰৰ অসামঞ্জস্যৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মূলতঃ হিন্দী ধাৰাবাহিকৰ পৰাই জনপ্ৰিয়তা লাভ কৰিছিল তেওঁ। তেওঁ কেইখনমান হিন্দী চিনেমাতো অভিনয় কৰিছে। জানিব পৰা মতে, মুম্বাইৰ আন্ধেৰী অঞ্চলত এনচিবিৰ বিষয়াসকলে তালাচী অভিযান চলাই উদ্ধাৰ কৰিছিল কেইবাটাও নিষিদ্ধ ড্ৰাগছ। ২০০৩ চনত এজাজে ‘পাথ’ চিনেমাৰ জৰিয়তে অভিনয় জগতৰ যাত্ৰা আৰম্ভ কৰে। কিন্তু মুম্বাইৰ গ্লেমাৰ জগতত ইমান গুৰুত্বপূৰ্ণ ভূমিকা কেতিয়াও নাপালে। হিন্দী আৰু তেলেগু চিনেমাত তেওঁ সৰু সৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ কিছুমান হিন্দী ধাৰাবাহিকত সহযোগী চৰিত্ৰতো অভিনয় কৰিছিল। ছলমান খানৰ ‘বিগ বছ ৭’ৰ প্ৰতিযোগী হিচাপে এজাজ বেছিকৈ পৰিচিত।

Related Articles