Breaking

মণিপুৰ কাণ্ডত বলিউড অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া…

0 116

ৰাজ্যখনত চলি থকা এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। যোৱা ৪ মে’ৰে ঘটনা আছিল সেয়া।

ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বাবে পোহৰলৈ অহা নাছিল এই দৃশ্য। এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে দেশজুৰি তোলপাৰ লাগিছে।

তাৰ মাজতে এই ঘটনা সন্দৰ্ভত টুইটাৰৰ জৰিয়তে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বলিউড অভিনেতা অক্ষয় কুমাৰে এই ঘটনা সন্দৰ্ভত টুইটাৰ যোগে কয়, মণিপুৰত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ ভিডিঅ’ দেখি বিৰক্ত হৈছোঁ। মই আশা কৰোঁ যে অপৰাধীসকলে এনে এটা পৰ্যায়ত শাস্তি পাব যে কোনেও পুনৰ এনে ধৰণৰ ভয়ংকৰ কাম কৰাৰ কথা ভাবিৱ নোৱাৰিব।’

Leave A Reply

Your email address will not be published.