ৰাজনীতিলৈ বলিউদ কুইন, বিজয়ীৰ প্ৰমাণ পত্ৰ গ্ৰহণ কংগনা ৰানাৱটৰ…

ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেত্ৰী কংগনা ৰানাৱটে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিজয়ৰ পিছত কংগনাই বিজয়ী প্ৰমাণ পত্ৰ লৈ হিমাচলবাসীক। বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি ৭৪ হাজাৰ ৭৫৫ ভোটৰ ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত কংগনা ৰানাৱটে বিজয়ী প্ৰমাণ পত্ৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে।

কংগনা ৰানাৱটে সাধাৰণ গোলাপী ৰঙৰ শাৰী পিন্ধি বিজয়ী প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ গৈছিল। ডিঙিত মুকুতাৰ হাৰ আৰু কাণত মুকুতাৰ কাণফুলি পিন্ধিছিল। বিজয়ৰ পিছত বিজয়ী প্ৰমাণ পত্ৰ লাভ কৰাৰ সময়ত কংগনাৰ মুখত সুখ স্পষ্টকৈ দেখা গৈছে।

Related Articles