Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

ইয়াৰ ফলত মাত্ৰ ১৫ দিনতে ৪১০খনতকৈও অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানলৈ ভুৱা বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। এই ভাবুকিসমূহৰ অধিকাংশই ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জড়িয়তে দিয়া হৈছে। ফলত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পাইছে আৰু বিমান পৰিবহন সংস্থা তথা চৰকাৰী কৰ্তৃপক্ষই বিষয়টোক অতি গুৰতৰ বিষয় হিচাবে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

কেৱল সোমবাৰে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ প্ৰায় ২১খন বিমানৰ লগতে প্ৰায় ২০খন ভিষ্টাৰ বিমানে বোমাৰ ভাবুকি লাভ কৰিছে । এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় , “বোমা স্থাপনৰ খবৰ লাভ কৰাৰ পিছতে নিৰ্ধাৰিত প্ৰট’কল অনুসৰণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত সতৰ্ক কৰি দিয়া হৈছে আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সকলো নিৰ্দেশনা কঠোৰভাৱে মানি চলা হৈছে।” ইপিনে কেন্দ্ৰই বোমাতংকৰ ভুৱা ভাবুকি সম্পৰ্কীয় সকলো খবৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ পৰা আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে।

ভুৱা খবৰৰ প্ৰচাৰ ৰোধ কৰাৰ বাবেই এনে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। ভাৰতীয় বিমান সংস্থাসমূহে বোমা স্থাপনৰ ভুৱা ভাবুকি পোৱাৰ লগে লগে চৰকাৰী সংস্থা তথা বেচৰকাৰী বিমান সংস্থা দুয়োটাই নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

Related Articles