Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

নিউজ ডেস্ক,১৬ অক্টোবৰ: পুনৰ আন এখন যাত্ৰীবাহী বিমানত বোমাতংক ৷ এইবাৰ উৰন্ত বিমান এখনত বোমা সংস্থাপন কৰি ৰখা বুলি অনলাইনযোগে ভাবুকি পোৱাৰ পিছতেই বিমানখনৰ পাইলটে বিমানখনৰ গন্তব্যস্থান সলনি কৰিবলৈ বাধ্য হ’ল ৷ এই ঘটনাটো সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানত(Bomb threat on Air India flight) ৷ দিল্লীৰ পৰা চিকাগো অভিমুখে যাত্ৰা কৰা এখন বিমানে অনলাইনযোগে লাভ কৰে এক ভাবুকি য’ত বিমানখনত বোমা সংস্থাপন কৰি ৰখাৰ কথা উল্লেখ আছিল ৷ এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি এই ভাবুকি পোৱাৰ পিছতে বিমানখনৰ পাইলটগৰাকীয়ে গন্তব্যস্থান চিকাগোৰ সলনি কানাডাৰ এটা বিমানবন্দৰলৈ পথ পৰিৱৰ্তন কৰি বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱায়(Air India emergency landing) ।

এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই(Air India authorities) সংবাদ সংস্থাক জনোৱা অনুসৰি, ১৫ অক্টোবৰ অৰ্থাৎ মঙলবাৰে দিল্লীৰ পৰা চিকাগোলৈ যাত্ৰা কৰিছিল AI127 নম্বৰৰ বিমানখনে(AI127 bomb threat) । ইয়াৰ মাজতে যাত্ৰীবাহী বিমানখনত এটা বোমা সংস্থাপন কৰা আছে বুলি অনলাইনত ভাবুকিঙৰা এটা বাৰ্তা পায়। এই ভাবুকি পোৱাৰ পাছতেই নিৰাপত্তাৰ বাবে বিমানখনক গতিপথ সলনি কৰি কানাডাৰ ইকালুইট বিমানবন্দৰলৈ নি জৰুৰীকালীন অৱতৰণ কৰোৱা হয়(Air India flight diversion) । অৱতৰণৰ পাছতেই সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি বিমানখনৰ যাত্ৰীসকলৰ লগতে সম্পূৰ্ণ বিমানখন পৰীক্ষা কৰা হয়। অৱশ্যে সৌভাগ্যবশতঃ বিমানখনত কোনো বোমা উদ্ধাৰ কৰিব পৰা নগ’ল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱাটো সোমবাৰেও একে ধৰণে বোমা সংস্থাপনৰ ভাবুকি পাইছিল এয়াৰ ইণ্ডিয়াৰ আন এখন যাত্ৰীবাহী বিমানে ৷ মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে অনলাইনযোগে বোমা বিস্ফোৰণৰ ভাবুকি(Bomb threat on Air India flight) পাইছিল । এক্সত লাভ কৰাৰ এই ভাবুকিৰ পিছতে বিমানখনক দিল্লীলৈ উভতাই আনি জৰুৰীকালিন অৱতৰণ কৰোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত তালাচী চলোৱাৰ পিছত পোৱা নগ’ল কোনো সন্দেহজনক সামগ্ৰী ৷ টাটা এয়াৰলাইনছ কৰ্তৃপক্ষই এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন সময়ত এয়াৰ ইণ্ডিয়াকে ধৰি কেইবাটাও বিমান সংস্থাই বোমাৰ ভাবুকি লাভ কৰি অহাৰ কথা সদৰী কৰে ৷

এক বিবৃতিযোগে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কয় যে, বৰ্তমানলৈকে পাই অহা সকলোবোৰ ভাবুকিয়েই পাছত ভুৱা প্ৰমাণিত হৈছে যদিও দায়িত্বশীল এয়াৰলাইন হিচাপে, প্ৰতিটো ভাবুকিকে গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে ৷ লগতে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ ওচৰত এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰিছে ।

সংস্থাটোৱে লগতে উল্লেখ কৰিছে যে এই ধৰণৰ ভাবুকিৰ ফলত যাত্ৰীসকলেও সমস্যাৰ মুখামূখী হ’বলগীয়া হৈছে ৷ লগতে বিমান পৰিসেৱাতো ব্যাঘাতৰ সৃষ্টি হৈছে ৷ এনে কাণ্ড কৰাসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক এয়াৰ ইণ্ডিয়াই সকলোধৰণৰ সহযোগিতা কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

Related Articles