Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

নতুন দিল্লী, ১৪ অক্টোবৰ: মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান(Air India flight)ত বোমা বিস্ফোৰণৰ ভাবুকি(Bomb threat on Air India flight) সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে বিমানখনক দেশৰ ৰাজধানীলৈ(National Capital Delhi) ডাইভাৰ্ট কৰা হয়।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ(IGI Airport)ত অৱতৰণ কৰা হৈছে, আৰু বিমানখনত থকা যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সুৰক্ষা প্ৰট’কল (standard safety protocols)যথাযথভাৱে পালন কৰা হৈছে। ইতিমধ্যে বিমানবন্দৰৰ সকলো নিৰাপত্তা সংস্থা সষ্টম হৈ পৰিছে।

দিল্লী বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ সংস্থা এএনআইক জনাইছে যে, “আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছো আৰু বিমানখনৰ পৰীক্ষা নকৰা পৰ্যন্ত যিকোনো তথ্য প্ৰচাৰৰ পৰা বিৰত থাকক। সময়ত আমি অধিক তথ্য শ্বেয়াৰ কৰিম।”

এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে, “১৪ অক্টোবৰত মুম্বাইৰ পৰা জে এফ কে(নিউয়ৰ্ক)লৈ চলাচল কৰা AI119 বিমানখনে(Air India flight AI119) এক সুনিৰ্দিষ্ট নিৰাপত্তাজনিত সতৰ্কবাণী লাভ কৰে আৰু চৰকাৰৰ নিৰাপত্তা নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশত দিল্লীলৈ ডাইভাৰ্ট কৰা হৈছে। সকলো যাত্ৰীকে ইতিমধ্যে বিমানখনৰ পৰা নমাই দিয়া হৈছে আৰু তেওঁলোক বৰ্তমান দিল্লী বিমানবন্দৰৰ টাৰ্মিনেলতে আছে। তাৰোপৰি বিমানবন্দৰত থকা আমাৰ সহকৰ্মীসকলে এই অপ্ৰত্যাশিত বাধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে দৃষ্টি ৰাখিছে।”

উল্লেখ্য যে, পূৰ্বেও বিভিন্ন সময়ত বিমান বন্দৰ অথবা বিমানত এনে কেইবাটাও বোমা বিস্ফোৰণৰ ভাবুকি পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত এইসমূহ ভাবুকি মিছা বুলি প্ৰমাণিত হৈ আহিছে । ইয়াৰ পূৰ্বে ৫ অক্টোবৰত মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহিল্যা বাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকো এটা ই-মেইলৰ জড়িয়তে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল। ই-মেইলটোৰ জড়িয়তে দেশৰ কেইবাটাও বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকিৰ কথা উল্লেখ আছিল।

ঠিক একেদৰে বদোদৰা বিমানবন্দৰেও ৫ অক্টোবৰত ই-মেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল আৰু ইয়াৰ পিছতে বিমানবন্দৰটো পুংখানুপুংখভাৱে পৰীক্ষা কৰি সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছিল।

Related Articles