Breaking

দুলুং সংৰক্ষিত বনাঞ্চলত ৫০০ কিলোগ্ৰাম ওজনৰ বোমা উদ্ধাৰ

0 17

লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী দুলুং সংৰক্ষিত বনাঞ্চলত আজি দুটাকৈ শক্তিশালী বোমা উদ্ধাৰ কৰা হৈছে ৷

ঘটনাৰ বিৱৰণি লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত দুলুং সংৰক্ষিত বনাঞ্চলৰ কাষৰ পাৰ বস্তিত স্থানীয় লোকে বোমা দুটা প্ৰত্যক্ষ কৰি চাউলধোৱা আৰক্ষীক খবৰ দিয়ে ৷ চাউলধোৱা আৰু বগীনদী আৰক্ষীয়ে বোমা দুটা পাৰ বস্তিৰ কাষেৰে বৈ থকা জিলি নদীত প্ৰত্যক্ষ কৰে ৷

আৰক্ষীয়ে প্ৰথমে নদীখনৰ পূৱফালে এটি বৃহৎ বোমা প্ৰত্যক্ষ কৰে ৷ আনটো বোমা প্ৰথমটো বোমাৰ প্ৰায় এশ মিটাৰ নিলগত  নদীখনত প্ৰত্যক্ষ ৷ আৰক্ষী সুত্ৰে জনোৱা মতে এটা বোমাৰ ওজন ৫০০ কিলোগ্ৰাম বুলি ঠাৱৰ কৰিছে আৰু আনটো বোমা ১০০ কিলোগ্ৰাম বুলি ঠাৱৰ কৰা হৈছে ৷

৫০০ কিলোগ্ৰাম ওজনৰ বোমাটো ২৫-৩০ বছৰ পুৰণি আৰু ১০০ কিলোগ্ৰাম ওজনৰ বোমাটো ৮-১০ বছৰৰ পুৰণি বুলি ঠাৱৰ কৰা হৈছে ৷  জানিব পৰা মতে দুলুং বনাঞ্চলৰ কাষতে থকা ভাৰতীয় বায়ুসেনা বাহিনীৰ বম্বিং অনুশীলন কেন্দ্ৰত বায়ুসেনা বাহিনীৰ জোৱানে যুদ্ধ বিমানৰ পৰা বোমা দুটা ভুলবশতঃ জিলি নদীত পেলাই দিয়া বুলি দিছিল আৰু এনেদৰে বহু বছৰ বোমা দুটা পৰি আছে যদিও এতিয়াও বোমা দুটা সক্ৰিয় অৱস্থাতে আছে ৷

কাইলৈ লখিমপুৰ আৰক্ষীয়ে বোমা দুটা নিস্ক্ৰীয় কৰাৰ সম্ভাৱনা আছে ৷

Leave A Reply

Your email address will not be published.