Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

ধেমাজি ২৬ অক্টোবৰ : ( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , আঞ্চলিক ছাত্ৰ সন্থা পৰু পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ সহযোগত (Book)অনুষ্ঠিত কৰা হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ । এইবাৰৰ ধেমাজি গ্ৰন্থ উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৬০ খনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷ ইপিনে ৰাজ্যৰ কেবাটাও প্ৰকাশন গোষ্ঠীয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও কলিকতা আৰু মুম্বাইৰ দুটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। আজি পুৱা সামুহিক চাফাই অভিযানৰ পিছতে গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ ইয়াৰ পাছতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মূল পতাকা উত্তোলন কৰে সভাপতি সঞ্জীৱ দাসে আৰু গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷ স্মৃতি তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদনক জয়ন্ত বৰগোহাঁইয়ে ৷

উল্লেখ্য যে – প্ৰতিদিনেই গ্ৰন্থ উৎসৱৰ বাকৰিত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু কৰ্মশালাৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ উল্লেখ কৰিব পাৰি যে – সভাত মুখ্য অতিথি হিচাপে অংশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে, দ্ৰুপদী ভাষাৰ মৰ্যাদা পালেই নহব, অসমীয়া ভাষাটো শুদ্ধকৈ কব আৰু লিখিব পাৰিব লাগিব ৷ আমাৰ ল’ৰা – ছোৱালীয়ে অসমীয়া কমকৈ কৈছে নেকি , শুদ্ধকৈ অসমীয়া নোকোৱা হৈছে নেকি !আদি বোৰৰ ওপৰত আমি লক্ষ্য কৰিব লাগিব ৱুলি মন্তব্য কৰে ৷ ইফালে ধেমাজিৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উমেশ চেতিয়াই ভাষনত তেওঁ কয় যে, বতৰ্মান সময়ত গ্ৰন্থৰ প্ৰতি ভয়ংকৰ দুৰ্যোগ নামি আহিছে ৷ অসমৰ পুৰনি শব্দবোৰ লুকাই যাব ধৰিছে বুলি আক্ষেপ কৰে বিশিষ্ট সাহিত্যিক জনে ৷

দিনৰ ১.০০ বজাত উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে ৷ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে অভ্যর্থনা সমিতিৰ সভাপতি ড° দীপক বৰগোহাঁইয়ে ৷ উদ্বোধনী সভাত ধেমাজিৰ মৰিঢ়ল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শইকীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ড° কবিতা গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাস, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সহকাৰী সম্পাদক দিপক শৰ্মা, উপদেষ্টা ৰবি কছাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নন্দেশ্বৰ বৰগোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সহকাৰী সম্পাদক দিপক শৰ্মা, উপদেষ্টা ৰবি কছাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কংকন জ্যোতি শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অলকেশ নাথ, সাংগঠনিক সম্পাদক বুলবুল দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ঋতুপৰ্ণ কোঁচ আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ আবেলি ১.০০ বজাত গ্রন্থ শোভাযাত্রাৰ উদ্বোধন কৰে ‘বার্তালাপ শ্রেণীকোঠাৰ সঞ্চালক তথা জেষ্ঠ্য সাংবাদিক চক্রপাণি পৰাশৰে ৷ সন্ধিয়া অনুষ্ঠিত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্টই ৷ আমন্ত্রিত শিল্পী পম্পী পূৰৱী, ৰিতম বড়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ৷ইফালে নদিনৰ সকলো কাৰ্যসুচীতে উদ্যোক্তা সকলে ধেমাজি বাসী ৰাইজৰ সহযোগীতাৰ কামনা কৰে ৷

Related Articles