গুৱাহাটী, ৯ অক্টোবৰ: (BOOK)মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত এখন কিতাপৰ গুৰুত্ব অপৰিসীম। মানুহে অভিজ্ঞতা আৰু অধ্যয়ন এই দুয়োটা কাৰকৰ পৰা শিকিব লগা বহুদিশেই আছে।হতাশ দিনবোৰতো এজন মানুহে নিজকে তুলি ধৰিব পৰাকৈ সংগ এখন কিতাপে মানুহক দিব পাৰে।
মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল ” বিদ্যালয় মোৰ বাবে মন্দিৰ, পঢ়াই মোৰ লক্ষ্য,শিক্ষক মোৰ বাবে ভগৱান আৰু কিতাপেই মোৰ বন্ধু। ” আন এজন বিখ্যাত মনিষীৰ মতে “এখন ভাল কিতাপ এজন ভাল বন্ধুৰ দৰে।” এজন ভাল বন্ধুৱে কৰা উপকাৰৰ দৰে কিতাপ এখনেও আমাৰ বিভিন্ন দিশৰ উৎকৰ্ষ সাধন কৰি ব্যক্তিত্ব বিকাশত সহায় কৰে।
এতিয়া উৎসৱৰ বতৰ। সকলোৱেই নিজৰ পৰিয়ালটো বা আত্মীয়ৰ আৰু কনমানিকেইটাৰ বাবে উপহাৰ ক্ৰয় কৰে।এই উপহাৰসমূহৰ লগতে কণমানিকেইটাৰ মনোগ্ৰাহী হোৱাকৈ যদি আমি কিতাপ উপহাৰ দিব পাৰো তেনেহ’লে নিশ্চিতকৈ কণমানিটোও উপকৃত হ’ব আৰু এটি শুভবাৰ্তা আমাৰ সমাজলৈ যাব। কনমানিটোৱেও বিভিন্ন ধৰণৰ সাধুকথাৰ জৰিয়তে
নৈতিক শিক্ষা লাভ কৰিব আৰু তাৰ মানসিক শ্ৰীবৃদ্ধি হ’ব। সিহঁতক ম’বাইল ,কম্পিউটাৰৰ পৃথিৱীৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত এনে পদক্ষেপ সহায়ক হ’ব বুলি আশা কৰিব পাৰি।
এইক্ষেত্ৰত অভিভাৱকসকলৰ দায়বদ্ধতাই সৰ্বাধিক ।এনে পদক্ষেপৰ দ্বাৰা সিহঁতৰ মানসিক উৎকৰ্ষ সাধনৰ লগতে বহিঃৰাষ্ট্ৰলৈ যোৱা ৰাজহৰ সংখ্যাও বহু পৰিমাণে কমি যাব।আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক গতিকে সিহঁতৰ হাতত এটা পুতলা পিষ্টলতকৈ এখন কিতাপ তুলি দিয়ক আৰু সমাজখন এখন আদৰ্শ সমাজ হিচাপে গঢ়ি তোলক।