নৰ্থ লখিমপুৰ কলেজৰ সপ্তম সংখ্যক গ্ৰন্থমেলাৰ তৃতীয় দিনত গ্ৰন্থপ্ৰেমীৰ সমাগম । North Lakhimpur College

দৈনন্দিন বাৰ্তাৰ সেৱা, লখিমপুৰ, ২০ মাৰ্চঃ North Lakhimpur College । সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ আজি তৃতীয়টো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়। প্ৰথম কাৰ্যসূচী হিচাপে দিনৰ ১১ বজাৰপৰা মহাবিদ্যালয়ৰ হেমেন্দ্ৰ কুমাৰ গগৈ প্ৰেক্ষাগৃহত ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদকৰ সন্মিলন অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী শাখাৰ তত্বাৱধায়ক ড° বৰ্ণালী বৰাই আঁত ধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই। উদ্বোধনী ভাষণত চেতিয়াই তেওঁৰ ছাত্ৰাৱস্হা আৰু শিক্ষক হিচাপে মহাবিদ্যালয়ত যোগদান কৰাৰপৰা বিভিন্ন অভিজ্ঞতা বৰ্ণনা কৰে। অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰ্তমানৰ আলোচনী সম্পাদক শৰৎ শইকীয়াই। জয়চন্দ্ৰ হাজৰিকা, লখিমপুৰৰ অ’পিডি মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড° সুৰেশ দত্ত, দুলেন কুমাৰ গগৈ, গোবিন দ্ত্ত, জীতেন্দ্ৰ চেতিয়া, গৌতম গগৈ, ইন্দ্ৰানী বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱা, চেপন মহাবিদ্যালয়ৰ অধ্যক্ষ অসীম চুতীয়া, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৱজ্যোতি দত্ত, নৱকান্ত বৰুৱা, মানস প্ৰতীম বৰাকে ধৰি ১৯৮১ চনৰপৰা বৰ্তমানলৈকে প্ৰায় ২০গৰাকী আলোচনী সম্পাদক উপস্থিত থকা অনুষ্ঠানটো সঞ্চালনা কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অঞ্জন কুমাৰ ওজাই।

প্ৰাক্তন আলোচনী সম্পাদকৰ অন্তৰংগ আলাপত প্ৰত্যেকগৰাকী সম্পাদকে তেওঁলোকৰ সময়ৰ মহাবিদ্যালয়ৰ সাহিত্য চৰ্চাৰ পৰিৱেশ, শিক্ষকসকলৰ সান্নিধ্য আৰু আলোচনী সম্পাদক হিচাপে লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰী কংকণা কোঁৱৰে এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানটোত উপস্থিত থকা মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য আৰু আলোচনী শাখাৰ তত্বাৱধায়ক তথা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱা আৰু ডঃ ৰাতল কুমাৰ লাহনে বক্তব্য প্ৰদান কৰে। সঞ্চালকৰ মন্তব্যত ড° অঞ্জন কুমাৰ ওজাই মহাবিদ্যালয়খনত তেওঁৰ সময়ৰপৰা এতিয়ালৈকে বৰ্তি থকা সাহিত্য চৰ্চাৰ পৰিৱেশ সম্পৰ্কে নিজা অনুভৱ ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ সম্পাদকসকলে যাতে বিভিন্ন গঠনমূলক কামেৰে এই পৰিৱেশটো বৰ্তাই ৰাখিব পাৰে তাৰবাবে আহ্বান জনায়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ; বিভিন্ন বিভাগৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


দিনৰ ১ বজাত নৰ্থ লখিমপুৰ কলেজৰ ডিজিটেল ক্লাছৰুমত “যুৱ লেখক সমাৰোহ” অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ গৱেষক প্ৰাৰ্থনা দত্তই আঁত ধৰা এই অনুষ্ঠানত অসমৰ মুঠ ৬ জন যুৱ লেখক উপস্থিত থাকে। প্ৰকাশ, সাতসৰী আদি আলোচনীত প্ৰকাশিত কেইবাটাও গল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰা যুৱ লেখক তুলিকা তামুলীয়ে সঞ্চালনা কৰা এই সত্ৰত অনুবাদক, কবি, ঔপন্যাসিক তথা বিশিষ্ট লেখক হিচাপে পৰিচিত হোৱা মানিক পাল, মৌচাক আলোচনীৰে আত্মপ্ৰকাশ কৰা সাম্প্ৰতিক সময়ৰ অন্যতম লেখক কস্তুৰী চুতীয়া, কবি অভিজিত গগৈ, প্ৰকৃতি সাহিত্যৰ চৰ্চা কৰা আৰু প্ৰকৃতি কৰ্মী মানস প্ৰতীম দত্ত আৰু যুৱ লেখক আকাংক্ষা তামুলী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। যুৱ লেখকসকলৰ আলোচনাত সাম্প্ৰতিক সময়ৰ সাহিত্যৰ স্থিতিৰ পৰা ভাষা, সংস্কৃতি, প্ৰকৃতি আদি বিষয়সমূহেও ঠাই পায়। ‘মোবাইল আৰু কিতাপৰ মাজেৰে সংঘাত’ এই বিষয়ত এটি গভীৰ বিশ্লেষণ মানিক পালে আগবঢ়ায়। তেওঁ ভাষণ প্ৰসংগত কয় যে- বৰ্তমান কিতাপৰ প্ৰতি অনীহাৰ প্ৰধান কাৰণেই হ’ল মোবাইল। মোবাইলৰ আসক্তিয়ে সকলোকে কিতাপ পঢ়াৰ মাদকতাৰ পৰা আঁতৰাই আনিছে আৰু এই কথা ভৱিষ্যতৰ বাবে সঁচাই শিহৰণকাৰী।

লগতে তেওঁ উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থৰ উল্লেখ কৰে। কবি অভিজিত গগৈয়ে এগৰাকী লেখকৰ লেখাৰ কৌশল তথা লেখকৰ স্থিতি সম্পৰ্কীয় এটি যুক্তিপূৰ্ণ ভাষণ প্ৰদান কৰে। সৰুৰে পৰা কলা সংস্কৃতিৰে সমৃদ্ধ পৰিৱেশ এটাত ডাঙৰ দীঘল হোৱা কস্তুৰী চুতীয়াই সাহিত্য, ভাষা, সংস্কৃতি আদিৰ কথা কোৱাৰ লগতে ৰাষ্ট্ৰীয় গ্ৰন্থন্যাস, নেশ্যনেল বুক ট্ৰাষ্টে নতুন লেখক লেখিকাক দিয়া সুবিধাসমূহৰ কথাও উল্লেখ কৰে। একেদৰে আকাংক্ষা তামুলীয়ে সাহিত্য সম্পৰ্কীয় কিছুমান দিশৰ অৱতাৰণা কৰে। সাহিত্যৰ এনে বহু দিশৰ আলোচনা হোৱাৰ লগতে মানস প্ৰতীম দত্তই প্ৰকৃতি সংৰক্ষণৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰে। এটি মনোৰম আলোচনাৰ শেষত সঞ্চালক তুলিকা তামুলীয়ে সঞ্চালকৰ আসনৰ পৰা কয় যে যুৱ লেখকসকলৰ চিন্তা চেতনাত একাত্ম হোৱাৰ চেষ্টা ছাত্ৰ ছাত্ৰীসকলেও কৰা উচিত। পৰবৰ্তী সময়ত যুৱ লেখকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয় অংশ্ৰগ্ৰহণ কৰে। গ্ৰন্থমেলাত অন্য দুদিনৰ দৰে আজিও গ্ৰন্থপ্ৰেমীৰ যথেষ্ঠ ভিৰ দেখা যায়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অনান্য বহু গ্ৰন্থপ্ৰেমীৰ আগমনে গ্ৰন্থমেলাৰ বাকৰি উদুলি মুদুলি কৰি তোলে।
সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰসকলে “ভূমিকন্যা” নামৰ এখন নাটক মঞ্চস্থ কৰে।

Related Articles