Breaking

গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষাগুৰুৱে উন্মোচন কৰিলে ছাত্ৰীৰ গ্ৰন্থ

19

প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু সাহিত্যৰ আলোচনী “সাহিত্যৰ সুবাস”ৰ সহযোগত গ্ৰন্থ উন্মোচনী সভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনত গীত-মাত-কবিতাৰ আবেলি অনুষ্ঠানটিত গুৱাহাটী প্ৰেছ ক্লাবত কবি, লেখিকা জুৰিমণি মুদৈৰ “অনুভৱৰ গুঞ্জন” গ্ৰন্থখন উন্মোচন কৰে।(Book release at Guwahati Press Club)

গুৱাহাটী, ১০চেপ্তেম্বৰঃ প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু সাহিত্যৰ আলোচনী “সাহিত্যৰ সুবাস”ৰ সহযোগত আলোচনী/গ্ৰন্থ উন্মোচনী সভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনত গীত-মাত-কবিতাৰ আবেলি অনুষ্ঠানটি ৮ ছেপ্টেম্বৰ ২০২৪ গুৱাহাটী প্ৰেছ ক্লাবত কবি, লেখিকা জুৰিমণি মুদৈৰ “অনুভৱৰ গুঞ্জন” (প্ৰবন্ধ পুথি) গ্ৰন্থখন উন্মোচন কৰে।(Book release at Guwahati Press Club)

প্ৰাক্তন ন্যায়ধীশ মাননীয় বিনয় কুমাৰ শৰ্মাদেৱ, জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যৰ সাহিত্য অকাদেমী বঁটা প্ৰাপক যুগললোচন দাস, দাপোণ সাহিত্য-সংস্কৃতিৰ আলোচনী আৰু কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, কটন মহাবিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত আধ্যাপিকা আৰু বৰ্তমান গুৱাহাটী ডাউনটাউন বিশ্ববিদ্যালয় মানৱ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° তিলোত্তমা বৰুৱা,”গণস্তম্ভ কাকত”ৰ সম্পাদক আৰু প্ৰকাশক চম্পাক কলিতাদেৱ , প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ প্ৰতিষ্ঠাপক সম্পাদক বিজু ফুকন কলিতা, ৰঞ্জন কুমাৰ মুদৈ, দুলুমণি দাস, বিশিষ্ট অতিথিসকলৰ উপস্থিতিত “অনুভৱৰ গুঞ্জন” প্ৰবন্ধ গ্ৰন্থখন উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধিপিকা ড° ৰাজশ্ৰী বৰাই।

বাস্তৱ সমাজখনৰ সৰু সৰু ঘটনাৱলীক সাৱলীলভাৱে উপস্থাপন কৰা গ্ৰন্থখনিত লেখিকাই নিজস্ব যুক্তিসংগতভাৱে সমাজৰ নীতি-নিয়মক প্ৰাঞ্জলভাষাৰে দাঙি ধৰিছে। অসমীয়া প্ৰবন্ধৰ বিশাল সাহিত্যৰ ভাণ্ডাৰটোত এই গ্ৰন্থখনত পাঠক সমাজে এটা সুকীয়া মাত্ৰা বিচাৰি পাব বুলি আশা কৰিব পাৰি। উল্লেখযোগ্য, তেখেতৰ “সংগ্ৰাম জীৱনৰ অন্য এক নাম” (কাব্যগ্ৰন্থ), জীৱন মৰুত সুখৰ মৰূদ্যান(কাব্যগ্ৰন্থ) আৰু “জীৱন নদীৰ সোঁত”ৰ ,জুৰিমণি মুদৈৰ “অনুভৱৰ গুঞ্জন” হৈছে চতুৰ্থখন গ্ৰন্থ।

Comments are closed.