অসম সাহিত্য সভাৰ দ্বাৰা একাধিকবাৰ শ্ৰেষ্ঠ শাখাৰ পুৰষ্কাৰ প্ৰাপক ছিপাঝাৰ শাখা সাহিত্য সভাৰ ৪৭৮ সংখ্যক বৈঠকত উন্মোচিত হয় ‘অটোগ্ৰাফ’ শীৰ্ষক এখন উপন্যাস । কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক সন্মান লাভ কৰা বৃন্দা ভূঞাই ৰচনা কৰা উপন্যাসখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে । ছিপাঝাৰ সাহিত্য সভাৰ স্মৃতি ভৱনত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভনিতে সাহিত্য সভাৰ জাতীয় গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিবেশন কৰে লেখিকা সমাৰোহৰ সদস্যা সকলে । ইয়াৰ পিছতে ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , নাট্য প্ৰদীপ ৰজনীকান্ত নাথে পৰিচালনা কৰা সভাখনত নিয়মীয়া কাৰ্যসূচী স্ব-ৰচিত কবিতাপাঠ , প্ৰৱন্ধ পাঠ , গীত পৰিবেশন আদি কাৰ্যসূচী ৰূপায়িত হয় । স্ব-ৰচিত কবিতা পাঠ কৰে ক্ৰমে পূৰ্ণিমা ভূঞা , ৰীণা বেগম হাজৰিকা , অনিতা দেৱী , জয়মতী বৰা , গায়ত্ৰী দেৱী আৰু সাংবাদিক নিৰঞ্জন শৰ্মাই । একেদৰে প্ৰৱন্ধ পাঠ কৰে নিয়োগ বিনিময় কেন্দ্ৰৰ অৱসৰী সহ সঞ্চালক চক্ৰধৰ নাথ আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা মোহিনী গোসামীয়ে । সভাৰ কাৰ্যসূচীৰ মাজতে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে মানসী চহৰীয়া আৰু কঙ্কনা শৰ্মাই । ইপিনে বাঁহী আৰু মাউথ অৰ্গেনেৰে কালজয়ী গীতৰ সুৰৰ লহৰেৰে সকলোকে মোহিত কৰে শিল্পী তুলেশ্বৰ নাথে । ছিপাঝাৰ শাখা সাহিত্য সভাৰ বৈঠক তথা গ্ৰন্থ উন্মোচনী সভাখনত ৰাইজৰ লগতে শশীধৰ নাথ , পৰান চন্দ্ৰ নাথ , ছিপাঝাৰ ৰাজহচক্ৰ বিষয়া কমলজিত শৰ্মা আদি উপস্থিত আছিল । সভাখনৰ আঁত ধৰে ছিপাঝাৰ শাখা সাহিত্য সভাৰ দুই বিষয়ববীয়া গিৰীশ নাথ আৰু দুলাল চন্দ্ৰ ডেকাই ।