গ্ৰন্থ হ’ল এখন সমাজ আৰু এটা জাতিৰ ধ্বজাবাহক। এখন ঠাইৰ প্ৰচলিত নীতি নিয়ম সাজ – পোচাক,সভ্যতা- সংস্কৃতি আদিৰ পৰিচয় বহন কৰে কেৱল গ্ৰন্থই। দেশ -বিদেশৰ বিদগ্ধ ব্যক্তি সকলৰ বুদ্ধিমত্তা বা জ্ঞান -ধাৰণাৰ সৈতে শুভ সংযোগ মাত্ৰ এখন কিতাপেহে সম্ভৱ কৰি তুলিব পাৰে ! এখন ভাল কিতাপ এজন সৎ বন্ধু ৰুপে পৰিগণিত হ’ব পাৰে।
আজি বৰ্তমানৰ পৰিপ্ৰেক্ষিত্বত কিতাপৰ চাহিদা ও জনপ্ৰিয়তা কিছু পৰিমাণে হ্ৰাস পাই আহিছে।ইয়াৰ প্ৰকৃত কাৰণ বিছাৰি চাবলৈ গ’লে বৰ্তমানৰ আধুনিক কলা- কৌশল,আৰু উন্নত প্ৰযুক্তি বিদ্যাৰ সফল প্ৰয়োগ বুলি ক’ব পাৰি !কৰ্ম ব্যস্ততাই আজি সকলোকে ক্লান্ত কৰি তোলে! আগৰ সময়ছোৱাত মনোৰঞ্জনৰ বিশেষ মাধ্যম কিতাপেই আছিল মানুহে আজৰি সময় কটাইছিল কিতাপ পঢ়িয়েই….!আমাৰ সৰু কালছোৱাত দেখা পাইছিলো আমাৰ মাহী ,পেহী হঁতে একোখন কিতাপ লৈ নিজকে ব্যস্ত কৰি ৰাখিছিল এই অধ্যয়নৰ যোগাত্মক প্ৰভাৱ আমি কেতিয়াও ন্যুই কৰিব নোৱাৰোঁ অধ্যয়নে আমাক ধৈৰ্যশীল আৰু সহানুভূতিশীল হ’বলৈ শিকোৱাৰ লগতে অভিব্যক্তিক কলাত্মক আকাৰ দিয়াৰ লগতে নিয়মানুবৰ্তিতাও শিকায়। এককথাত গ্ৰন্থ অধ্যয়নে ব্যক্তিত্বৰ উন্মেষ ঘটায়!
এটা সময় আছিল জন্মদিন নতুবা বিবাহ উৎসৱত উপহাৰ দিবৰ বাবে একোখন কিতাপ নিৰ্বাচন কৰা হৈছিল । এনেবোৰ অনুষ্ঠানত কিতাপৰ দৰে মূল্যবান উপহাৰ আন একোৱেই হ’ব নোৱাৰে ।মোৰ বিয়াত উপহাৰ পোৱা কিতাপকেইখন মই আজিও মোৰ আলমাৰীত সজতনে সজাই ৰাখিছোঁ ! বিয়াৰ পিছদিনা উপহাৰ খোলাৰ সময়কণত কেইখন কিতাপ উঠিছে, কি কি কিতাপ উঠিছে সেইয়া লৈ কিযে উথপথপ !! কোনোবা এগৰাকীয়ে তাৰে দুখন নি মনে মনে গাৰু তলত সুমুৱাই থৈ অহা নাছিলগৈ নে বাৰু? আজি যদি কেনেবাকৈ এখন কিতাপ উঠে সেইখন অৱহেলিত হৈ এচুকত পৰি ৰয়!! অৱশ্যে সকলোতে এইটো বুলি ক’লে ভুল হ’ব কিতাপৰ আদৰ কৰা মানুহ আমাৰ মাজত নিশ্চয়কৈ আছেই!!এতিয়াৰ নৱ প্ৰজন্মক ভাল অসমীয়া লেখক দুজনৰ নাম ক’বলৈ ক’লে সিঁহতে তপৰাই কি উত্তৰ দিব সেইয়া নিশ্চয় এক চিন্তনীয় বিষয় হ’ব ! আজি কালি সৰু সৰু ল’ৰাছোৱালীক বিদ্যালয়ত ‘প্ৰজেক্ত’ৰ কামৰ বাবে নেটৰ একান্তই প্ৰয়োজন অৱশ্যে এইয়া যুগৰ পৰিবৰ্তন, দিনকদিনে প্ৰযুক্তি কলা -কৌশলৰ উন্নীতকৰণে ধাৱমান গতি লৈছে সেই অনুপাতে চাৰিত্ৰিক বা ব্যক্তিত্বৰ উন্মেষ সাধন অৱনমিত হৈ আহিছে !!
কণ কণ শিশুহঁতক আমি অভিভাৱক সকলে কিতাপ পঢ়াৰ আনন্দ দিব পাৰিব লাগে। আমি সৰু হৈ থাকোতে ক’ৰবাক “বুক ফেয়াৰ” চাবলৈ গ’লে সাধু কথাৰ কিতাপ জ্ঞান- বিজ্ঞানৰ কথা এইবোৰ কিতাপ বিচাৰি কিনিছিলো কিন্তু আজিৰ শিশু অধিক পৰিমাণে আমোদ – প্ৰমোদ বা মনোৰঞ্জন প্ৰিয় হৈ উঠাৰ বাবে সিঁহতে কাৰ্টুন ছবি ,ডৰেমন এনেবোৰ বিষয় বিচৰাত হে আগ্ৰহী হয়! তেনেবোৰ বিষয়ৰ অনুৰাগী হৈ পৰাৰ বাবে সিঁহতৰ জন্মগত সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ পৰিবৰ্তে তেনে প্ৰতিভাৰ বিলুপ্তিহে ঘটে।আনহাতে নিজৰ পাঠ্যপুথিতে একঘেয়ামীকৈ লাগি থকা শিশু সকলৰ মগজুত সৃষ্টিশীলতাৰ অভাৱ দেখা যায় ।আজৰি সময়ত শিশুহঁতক গল্প বা কিশোৰ সম্বন্ধীয় লেখাই সিঁহতৰ ভাৱপ্ৰৱণতাৰ উদ্ৰেক ঘটায় চিন্তা- ভাৱনা বোৰ লাহে লাহে সৃষ্টি শীল হ’বলৈ ধৰে !
আজিৰ শিশুসকলক অন্যমনস্ক কৰি তোলাৰ অন্য এটা আহিলা হ’ল মবাইল বা স্মাৰ্ট ফোন ।আমি সচৰাচৰ দেখা পাও মাতৃগৰাকীয়ে নিজৰ মবাইল ফোনটো সৰু সন্তানটিৰ হাতত দি নিজে আনমনা হৈ পৰে ।এইয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে !এনেবোৰ কাণ্ড দেখি মই প্ৰায়ে প্ৰতিবাদ কৰি অপ্ৰিয়ভাজন হওঁ। কণ কণ শিশু হঁতো video আপল’ড ডউনল’ড কৰাত সিদ্ধ হস্ত কিন্তু হ’ম ৱৰ্কৰ বাবেহে বহুবাৰ সকিয়াব লাগে।
যোৰহাটত মোৰ এজন বৰদেউতা আছিল। তেখেত মোৰ দেউতাৰ বন্ধু প্ৰয়াত প্ৰসন্ন বৰুৱা সেই মানুহজনে এদিন মোক এটা বৰ গুৰুত্ব পূৰ্ণ কথা কৈছিল। “মাতৃগৰাকীয়ে সদায় নিজৰ সন্তানটিৰ সৈতে ৰাতি শোৱাৰ সময়ত টোপনি যোৱাৰ আগত কিছুমান আধ্যাত্মিক কথা পাতিব লাগে য’ত কিছু নৈতিকতাৰ প্ৰভাৱ থাকে তেনে কৰিলে সন্তানটিয়ে সাৰ পাই সেই টোপনিৰ আগমুহূৰ্ত শুনা কথা কেইটা মনত পেলায় ! বৰ দেউতাৰ কথা কেইটাত কিছু মনস্তত্ব ও আছে মই তেখেতৰ কথাকেইটা সাৰোগত কৰি চলিছিলোঁ আৰু বহু মাতৃক কৈছিলো। যেতিয়া কোনোবাই মোৰ আগত কয় ,””ই জানেনে একদম কথা নুশুনে পঢ়িবলৈ ক’লে ম’বাইলটো বিচাৰে ইত্যাদি ইত্যাদি.. .. ..,!!
লেখকঃ ৰেখা বৰকটকী