Breaking

বুকাৰ বঁটা বিজয়ী প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ “পেন পিনটাৰ” বঁটা

0 20

প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ “পেন পিনটাৰ” বঁটা আগবঢ়োৱা হৈছে । এই খবৰে প্ৰতিগৰাকী লোকে উৎফুল্লিত কৰে । উল্লেখ্য যে ন’বেল বঁটা বিজয়ী নাট্যকাৰ হেৰল্ড পিনটাৰৰ স্মৰণত ২০০৯ চনৰ পৰা প্রদান কৰি আহিছে এই বঁটা । চলিত বর্ষৰ বাবে বুকাৰ বিজয়ী ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়লৈ প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ “পেন পিনটাৰ” বঁটাটো ইংলিছ পেনে আগবঢ়াইছে ৷

প্ৰসিদ্ধ লেখিকা গৰাকীলৈ আগবঢ়োৱা এই বঁটাৰ জুৰীয়ে উল্লেখ কৰি কয় লেখিকা ৰয়ৰ শক্তিশালী কণ্ঠক ৰুদ্ধ কৰিব নোৱাৰি ৷ ‘দ্য গড অৱ স্মল থিংছ’ উপন্যাসেৰে বিশ্ব সাহিত্যত ব্যতিক্রমী ৰচনাশৈলী আৰু বিষয়বস্তুৰে প্রতিষ্ঠা কৰা অৰুন্ধতী ৰয়ৰ বলিষ্ঠ কণ্ঠক ৰোধ কৰিব নোৱাৰি ৷ তেওঁৰ প্রতিটো লেখাতে সমাজৰ বলিষ্ঠ কণ্ঠ হিচাপে প্রতিফলিত হয় ৷


পূর্বে এই বঁটা লাভ কৰিছিল মাইকেল ৰ’জেন, মার্গাৰেট এটউড, মেল’ৰি ব্লেকমেন, ছলমান ৰুশ্বডি, টম ষ্ট’পার্ড আৰু কেৰল এণ্ড ডাফিয়ে ৷ এইবেলি বঁটা প্রদানৰ জুৰীত আছে ইংলিছ পেনৰ অধ্যক্ষ ৰুথ বর্থৱিক, অভিনেতা খালিদ আব্দুলা আৰু লেখক ৰ’জাৰ ৰবীনছন । বঁটা প্ৰদান অনুষ্ঠানত প্ৰসিদ্ধ লেখিকা ৰয়ে এক বক্তৃতা প্ৰদান কৰিব । ইফালে এই বঁটাটো ব্রিটিছ লাইব্রেৰীত অহা ১০ অক্টোবৰত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্রদান কৰিব ।

Leave A Reply