ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে।

ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ  লাভলীনাৰ বৰগোহাঁইৰ আদিগুৰু তথা ধনশিৰি মহকুমাৰ সুযোগ্য সন্তান প্ৰশান্ত কুমাৰ দাসে। ৰাষ্ট্ৰীয় মোৱাথাই এছচিয়েছনে প্ৰশান্ত কুমাৰ দাস আৰু তিনিচুকীয়াৰ সুভম চৌধুৰীক ইতিমধ্যে অসম আৰু উত্তৰ পূবৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অৰ্পণ কৰিছে। আগন্তুক সময়ত উত্তৰপূব আৰু অসমৰ সকলো মোৱাথাই প্ৰশিক্ষৰ্থীক আগুৱাই নি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষাৰ্থীসকলক জিলিকাই তুলিবলৈ  দুয়ো প্ৰতিজ্ঞাবদ্ধ ।

দিল্লীৰ পৰা আহি মংগলবাৰে সৰুপথাৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাত দুয়োকে উষ্ম আদৰণি জনাই ধনশিৰি মহকুমা বিভিন্ন দল সংগঠনৰ লগতে এলিত মাছেল আৰ্ট একাডেমীৰ বিষয় ববীয়া সকলে ।

Related Articles