Breaking

ভেৰগাঁৱত বিপিএফৰ সংবাদমেল! ভেৰগাওঁ জিলা সমিতিৰ সম্পাদক বিনয় নাথক বহিষ্কাৰ, বিটিআৰত ২০২৫ ত পুনৰ হ’ব হাগ্ৰামা মহিলাৰীৰ চৰকাৰঃ নেৰশ্বন বড়ো…

0 20

ভেৰগাঁও জিলা বিপিএফ সমিতিৰ পৰা সম্পাদক বিনয় নাথক তৎকালীনভাৱে বিপিএফ দলৰ পৰা  বহিষ্কাৰ। নিজ দলত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিও নিজ দলৰ হৈ কিছুমান অনৈতিক কাৰ্যকলাপত  অপ-প্ৰচাৰ চলাই দলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বাবে শনিবাৰে ভেৰগাঁও জিলা ব্লক বিপিএফৰ কাৰ্যালয়ত ভেৰগাঁও জিলা সমিতিৰ সভাপতি লৌমশ্ৰাও দৈমাৰীৰ সভাপতিত্বত ৰাজহুৱা সভা অনুষ্ঠিত কৰি আজিৰ পৰা বিনয় নাথক বিপিএফ দলৰ পৰা বহিষ্কৃত কৰাৰ উপৰিও আজিৰ পৰা বিপিএফ দলৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাথাকিব বুলি সংবাদমেল যোগে ঘোষণা কৰে।

বিগত বহুদিন ধৰি সম্পাদক বিনয় নাথে কিছুমান দলৰ বিপৰীতে কাম-কাজ চলাই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি অহা ঘটনা পোহৰলৈ অহাত বিপিএফ দলৰ পৰা কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে বিনয় নাথে শুক্ৰবাৰে দলৰ পৰা পদত্যাগ কৰিছিল। বিনয় নাথে বিপিএফ দল পদত্যাগ কৰা পিছতে তৎকালীনভাৱে ভেৰগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ত ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিনয় নাথক বহিষ্কাৰ কৰি নতুনকৈ নৃপেন হাজৰিকাক সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰে। উক্ত সভাত বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰশ্বন বড়ো উপস্থিত থাকি কয় যে বৰ্তমান সময়ত বিটিআৰত বিজেপি ইউপিপিএল মৃতযোঁজিত চৰকাৰখনে উন্নয়নৰ নামত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে।

কিয়নো পৰিৱৰ্তনৰ শ্লোগান দি বিটিআৰক চুইজাৰলেণ্ড বনোৱা সপোন ৰচি শাসনৰ গাডীত বহিছিল প্ৰমোদ বড়োৰ ইউপিপিএল নেতৃত্বাধীন চৰকাৰখন। পিছে বৰ্তমান সময়ত প্ৰমোদ বড়োৰ চৰকাৰৰ প্ৰতি মোহ ভংগ হৈ পৰিছে সাধাৰণ জনতাৰ। সেয়েহে ২০২৫ ত বিটিআৰত পুনৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ গঠন হ’ব। ভেৰগাওঁ বিপিএফ দলৰ কাৰ্যালয়ত বিপিএফ দলৰ ৰাজহুৱা সভাত কেইবাগৰাকীও প্ৰাক্তন এমচিএল তথা বিপিএফ দলৰ কৰ্মকৰ্তা উপস্থিত থাকে।‌

Leave A Reply

Your email address will not be published.