BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

গুৱাহাটী, ২৭ অক্টোবৰঃ বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

কিছুদিনৰ পূৰ্বে অসমৰ এখন জনপ্ৰিয় মাহেকীয়া আলোচনী তথা বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদিত ‘সাতসৰী’ত প্ৰকাশ পোৱা গল্পকাৰ অপু ভৰদ্বাজৰ গল্প ‘নীতা আম্বানী’ক একে নামেৰে নাট্যৰূপ দিয়ে জ্যোতিপ্ৰসাদ ভূঞাই।

দেওবাৰে নগাঁৱৰ নাট্য মন্দিৰত নাট্যৰূপ দিয়া জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাতেই নগাঁৱৰ ‘নিবেদন নাট্য গোষ্ঠী’য়ে ‘নীতা আম্বানী’ মঞ্চস্থ কৰে।

দেওবাৰে দুটা দৰ্শনীৰ ব্যৱস্থা কৰা নিবেদনৰ ‘নীতা আম্বানী’ নাটখনৰ মূল চৰিত্ৰ দুটা হ’ল ড০ পাপু আৰু নীতা আম্বানী। চহৰে-নগৰে, অলিয়ে-গলিয়ে পদপথত বা ভিৰৰ মাজত কলম বিক্ৰী কৰি জীৱন-ধাৰণ কৰা নীতা আম্বানী এগৰাকী অতি দৰিদ্ৰ মহিলা। সুৰাপায়ী স্বামীৰ মৃত্যুৰ পিছত জটিল সমাজখনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে লগ পাই অধ্যাপক ড০ পাপুক। অধ্যাপক ড০ পাপুৱে নীতা আম্বানীক জীৱন পথৰ যাত্ৰাত আগুৱাই লৈ যায়।

ধনাঢ্য নীতা আম্বানীৰ(Rich Nita Ambani) বাবেই অতি দৰিদ্ৰ নীতা আম্বানীয়ে(Very Poor Nita Ambani) কেনেদৰে মিল থকা নামটোৰ বাবেই পদে পদে তিৰস্কৃত হ’বলগীয়া হৈছে আৰু ইয়াৰ প্ৰতিবাদ কেনেদৰে কৰিছে সেয়া নাটকখনৰ মূল উপজীব্য। ধনী আৰু দুখীয়াৰ মাজত আকাশ-পাতাল যে প্ৰাৰ্থক্য আছে সেয়া নাটকখন আগবাঢ়ি যোৱাৰ লগে লগে প্ৰমাণ পোৱা যায়।

জ্যোতিপ্ৰসাদ ভূঞাই নাট্যৰূপ দি পৰিচালনা কৰা ‘নীতা আম্বানী’ নাটকখনৰ মূল চৰিত্ৰ ড০ পাপু ভাৱত অভিনয় কৰে হেমাংগ ৰঞ্জন বৰাই আৰু নীতা আম্বানীৰ চৰিত্ৰ ৰূপায়ণ কৰে সুস্মিতা শৰ্মাই(Novelist Anuradha Sharma Pujari)।

নগাঁৱৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত দুবাৰকৈ আজি পৰিৱেশন কৰা ‘নীতা আম্বানী’ নাটখনৰ আন চৰিত্ৰবোৰ ৰূপায়ণ কৰা কলা-কৌশলীসকল হ’ল— অম্লানদ্বীপ শইকীয়া, ৰাতুল ফুকন, সোণমণি বেজবৰুৱা, বিদ্যুতজ্যোতি, কৃষ্ণাংগ বৰা, হৰ্ষিতা বৰা, তমান্না স্বৱনম।

অনুৰাগ বৰুৱাৰ সংগীত, জ্যোতিপ্ৰসাদ ভূঞাৰ পোহৰ, পিকুমণি বৰাৰ সাজসজ্জা, প্ৰকাশ বৰাৰ ৰূপসজ্জা আৰু নিবেদনে প্ৰযোজনা কৰা নাট ‘নীতা আম্বানী’ মঞ্চ আৰু আচবাব জ্যোতি গগনৰ। উল্লেখ্য, দেওবাৰে পৰিৱেশন কৰা নাটখনৰ দুয়োটা দৰ্শনী দৰ্শকসকলে টিকট ক্ৰয় কৰি উপভোগ কৰে।

Related Articles