ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপুনি প্ৰথমে দাঁত ব্ৰাছ কৰে আৰু তাৰ পিছত ব্ৰেকফাষ্ট কৰে, নহ’লে প্ৰথমে ব্ৰেকফাষ্ট কৰি তাৰ পিছত দাঁত ব্ৰাছ কৰে। (Breakfast) বেছিভাগ মানুহেই বিশ্বাস কৰে যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ব্ৰাছ কৰাটো গুৰুত্বপূৰ্ণ যাতে মুখৰ দুৰ্গন্ধ আৰু বেক্টেৰিয়া আঁতৰ হয়। কিছুমানে প্ৰথমে ব্ৰেকফাষ্ট কৰে তাৰ পিছত দাঁত ব্ৰাছ কৰে যাতে দাঁতত আবদ্ধ হৈ থকা খাদ্যৰ কণাবোৰ ভালদৰে পৰিষ্কাৰ হয়। প্ৰথমে ব্ৰাছ কৰিব লাগে নে ব্ৰেকফাষ্ট কৰিব লাগে জানো আহক-
ৰাতিটো শুই থকাৰ পিছত ৰাতিপুৱা আমাৰ মুখত বেক্টেৰিয়া থাকে। ইয়াৰ বাবেই মুখত এক অদ্ভুত গোন্ধ অনুভৱ হয়। কাৰণ ৰাতি লালাৱতি উৎপাদন কমি যায়, যাৰ বাবে অধিক বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে এই বেক্টেৰিয়া ব্ৰেকফাষ্টৰ আগতে আঁতৰাব লাগে নে, নে ব্ৰেকফাষ্টৰ পিছত।
ব্ৰেকফাষ্টৰ আগত ব্ৰাছ কৰিলে কি লাভ হয়-
সাৰ পোৱাৰ লগে লগে দাঁত ব্ৰাছ কৰিলে মুখত জমা হোৱা বেক্টেৰিয়া আৰু মলি পৰিষ্কাৰ হয়। প্ৰথমে ব্ৰাছ কৰিলে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ব্ৰাছ কৰিলে এচিডিটি কমি যায় আৰু মুখৰ পি এইচ বেলেন্স বজাই ৰাখে।
ব্ৰাছ কৰাৰ আগতে ব্ৰেকফাষ্ট কৰাৰ সুবিধা আৰু অসুবিধা-
দাঁত ব্ৰাছ কৰাৰ আগতে ব্ৰেকফাষ্ট খালে খাদ্যৰ সোৱাদ বেলেগ অনুভৱ হ’ব পাৰে। ব্ৰেকফাষ্টৰ পিছত দাঁত ব্ৰাছ কৰিলে দাঁতত আবদ্ধ হৈ থকা খাদ্যখিনি ভালদৰে পৰিষ্কাৰ হয়। কিন্তু ইয়াৰ অসুবিধাও হ’ব পাৰে। ব্ৰেকফাষ্টৰ লগে লগে ব্ৰাছ কৰিলে আপোনাৰ দাঁতৰ বাহিৰৰ তৰপটো দুৰ্বল হ’ব পাৰে। বিশেষকৈ যদি আপুনি কিছুমান এচিডিক বস্তু খাই। ৰাতিটোৰ ভিতৰতে মুখত জমা হোৱা বেক্টেৰিয়াবোৰ আঁতৰাই নিদিয়াকৈ ব্ৰেকফাষ্ট খালে পেটলৈ যায়, যাৰ ফলত হজম শক্তিত প্ৰভাৱ পৰিব পাৰে।
ব্ৰেকফাষ্টৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে
ব্ৰেকফাষ্টৰ আগতে ব্ৰাছ কৰিলে মুখখন সতেজ হৈ থাকিব আৰু বেক্টেৰিয়াও নিধন কৰাত সহায় কৰিব। আনহাতে যদি আপুনি ব্ৰেকফাষ্টৰ পিছত ব্ৰাছ কৰিব বিচাৰে তেন্তে আপুনি ব্ৰেকফাষ্ট কৰা কমেও ৩০ মিনিটৰ পিছত ব্ৰাছ কৰিব।