Breaking

চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…

0 22

অৰুণাচল প্ৰদেশৰ চীনা সীমান্তৰ আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ ,(বৰ্ত্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ যাতে সামৰিক- অসামৰিক সকলো বাহনে যাতে সুচলভারে চলাচল কৰিব পাৰে তাৰ বাবে পথ নিৰ্মাণত বিশেষ কাৰিকৰী কৌশল আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’বে। অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ সদৰ আলং হৈ কায়িঙলৈ ইতিমধ্যে বি আৰ অই সকলো বতৰতে চলাচল কৰিব পৰা দুইলেনযুক্ত পথৰ নিৰ্মাণ সস্পূৰ্ণ কৰিছে। কিন্তু এতিয়া কায়িঙৰ পৰা টাটো হৈ প্ৰায় ১৪৫ কিলোমিটাৰ নিলগৰ উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ গুৰুত্বপূৰ্ণ পথটোত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰবাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে বি আৰ অ’ৱে। কিয়নো হিমালয় পৰ্বতমালাৰ অংশহিচাপে পৰিচিত অৰুণাচল প্ৰদেশত পথ নিৰ্মাণ কৰা আৰু সেই পথত বছৰটোৰ সকলো সময়তে যান – বাহনৰ চলাচল অব্যাহত ৰখাটো বি আৰ অকে ধৰি তাত পথ নিৰ্মাণৰ লগত জড়িত সংস্থা সমূহৰ বাবে এক বিৰাট প্ৰত্যাহ্বান। আগদিনাই নিৰ্মাণ সম্পুৰ্ণ কৰা পথ বা দলং এখন নিশাৰ ভিতৰত অহা প্ৰচণ্ড তুষাৰপাত বা বৃষ্টিপাতে উটুৱাই নিয়াৰ বহু উদাহৰণ আছে ৰাজ্যখনত। আনকি পথ নিৰ্মাণ কৰি থকা অৱস্থাতে বি আৰ অৰ বহু জোৱান বা শ্ৰমিক পাহাৰ খহি বা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ দৰে বহু ঘটনাও সংঘটিত হৈছে ৰাজ্যখনত। উল্লেখ্য যে অসমৰ ধেমাজী জিলাৰ জোনাইৰ পৰা পাছিঘাটলৈ দুৰত্ব মাত্ৰ ৩৫ কিলোমিটাৰ । তেনেদৰে পাছিঘাটৰ পৰা আলঙলৈ দূৰত্ব মাত্ৰ ১০০ কিলোমিটাৰ । আলঙৰ পৰা ভাৰতৰ চুইজাৰলেণ্ড স্বৰূপ আৰু ভাৰত – চীন অধিকৃত তিব্বত সীমান্তবৰ্তী মেচুকা চহৰলৈ দূৰত্ব ১৮৫ কিলোমিটাৰ ।

ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপুৰ্ণ স্থান হিচাপে পৰিগণিত হৈ অহা আলং – কায়িং – টাটো – মেচুকা সংযোগী পথটো বি আৰ অ’ৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ অধীনৰ আলংস্থিত ৪৪ বর্ডাৰ ৰোডছ টাস্ক ফৰ্চে ( বি আৰ টি এফ ) নিৰ্মাণ কৰি আছে। ৪৪ বি আৰ টি অফৰ কমাণ্ডাৰ , কৰ্ণেল বি পি এছ টোমাৰে জানিবলৈ দিয়া অনুসৰি এইবেলি জানুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা প্ৰায়ে আহি থকা বৰষুণে পথ নিৰ্মাণ কাৰ্যত ব্যাঘাটৰ সৃষ্টি কৰি আহিছে। কিন্তু বি আৰ অই সকলো প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থাকে । যাৰ বাবে বি আৰ অই নতুন প্ৰযুক্তিৰ লগতে পথ নিৰ্মাণত ব্যৱহৃত শেহতীয়া অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰ কৰিবলগীয়া হৈছে । একে সময়তে পথত যাতে দুৰ্ঘটনাৰ মাত্ৰা ৰোধ কৰিব পাৰি তাৰ বাবেও বি আৰ অই বিশেষ ব্যৱস্থা উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। বিশেষকৈ দুৰ্ঘটনা সংঘটিত হলেও আহত বা নিহতৰ সংখ্যা কম কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আলঙৰ পৰা কায়িঙলৈ ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাত ২০২৩ চনত চাৰিটা দুৰ্ঘটনা সংঘটিত হোৱা স্বত্বেও এজন লোক নিহত হবলগীয়া নহল । ইয়াৰ পূৰ্বে ২০২২ চনত সেই পথচোৱাত চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছিল অাৰু দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছিল। তেনেদৰে কৰবাত ভূমিস্খলনৰ ঘটনা সংঘটিত হলেও বি আৰু অৰ অভিযন্তা, শ্রমিকসকলে প্ৰতিবন্ধকতা, প্রত্যাহ্বান নেওচিও জে চি বি, বা আন যন্ত্রাশংৰে এদিন বা এবেলাৰ ভিতৰতে পথটো যাতায়তৰ বাবে মুকলি কৰিবলৈ সক্ষম হৈছে। আনকি ২০২২ চনৰ ২২ জুলাইত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড বৃষ্টিপাতৰ বাবে টাটো – মনিগাং সংযোগী পথৰ এখন বেইলী দলং উটি গৈছিল। ফলত তাত আবদ্ধ হৈ পৰিছিল অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা মেচুকাৰ বিধায়ক পাচাং ডি সোণা।

কিন্তু বি আৰ অই নেৰানেপেৰা বৰষুণক নেইচিও মাত্ৰ ৩০ ঘণ্টাৰ ভিতৰতে পথসহ নতুনকৈ এখন বেইলী দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে বিধানসভাৰ অধ্যক্ষ পাচাং ডি সোণাই কিছুদিন পাছত ৪৪ বি আৰ টি এফৰ কমাণ্ডাৰ কৰ্ণেল বি পি এছ টোমাৰক কৃতজ্ঞতাৰ চিন স্বৰূপে এখন প্ৰশংসামূলক প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰিছিল । আনকি ৪৪ বি আৰ টি এফে কায়িঙত অত্যাধুনিক বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি আছে এখন হেলিপেড । আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞই বিশেষভাবে ডিজাইন কৰা হেলিপেডখন হব বি আৰ অৰ ইতিহাসত প্ৰথম এনে এখন হেলিপেড যিখন অসমত পথ নিৰ্মাণত সততে ব্যৱহাৰ পেভাৰ ব্লক ব্যৱহাৰ কৰা হৈছে। অৱশ্যে অসমত পথ নিৰ্মাণত ব্যৱহৃত পেভাৰ ব্লক যেন দেখাত লাগিলেও তাত ব্যৱহাৰ কৰা হৈছে এম – ৫০ গ্ৰেডৰ অতি উন্নত মানৰ ইণ্টাৰ লকিং কংক্ৰেট ব্লক চমুকৈ আই টি চি বি। ইফালে হেলিপেডত যাতে এটোপালো পানী ভিতৰলৈ সৰকিব নোৱাৰে আৰু স্থায়িত্ব দীৰ্ঘদিন অক্ষুণ্ণ থাকে তাৰ বাবে তাত গ্ৰেট ব্ৰিটেইনত নিৰ্মিত এক বিশেষ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে। সেই হেলিপেডত বিশ্বত বৰ্তমানলৈ নিৰ্মাণ হোৱা অত্যাধুনিক চিনুককে ধৰি গধূৰ হেলিকপ্টাৰ যিকোনো বতৰতে উৰণ – অবতৰণ কৰিব পাৰিব। সকলো ঠিকে ঠাকে থাকিলে অহা কিছুদিনৰ ভিতৰতে হেলিপেডৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হব বুলি হেলিপেডৰ নিৰ্মাণকাৰ্যৰ তদাৰক কৰি থকা বি আৰ অৰ ৯২ আৰ চি চিৰ অফিচাৰ কমাণ্ডিং আৰু কাৰ্যবাহী অভিযন্তা এছ কে পাত্ৰই সদৰি কৰিছে। আনহাতে বি আৰ অই পথ নিৰ্মাণ কাৰ্যৰ সমান্তৰাল ভাৱে জনকল্যাণমূলক কাৰ্যসূচীৰ অংশহিচাপে ৰাইজৰ সুবিধাৰ বাবে সময়ে সময়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চকু পৰীক্ষা শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বুলি ৪৪ বি আৰ টি এফৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গুৰবিন্দৰ সিং খান্নাই জানিবলৈ দিছে।

Leave A Reply