Broker new name থানাৰ দালালৰ নতুন নাম

Broker new name এফালে মুখ্যমন্ত্ৰীৰ দালালৰাজ উৎখাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীত ওলোটা ছবিভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিংয়ে টুপামাৰী আৰক্ষী চকীত পুহি ৰাখিছে একাংশ দালাল, দালাল নহয়, আৰক্ষী বিষয়াৰ মতে দালাল এয়া Source হে

দৈনন্দিন বাৰ্তা ২২ ছেপ্টেম্বৰ নগৰবেৰা আবুল হুছেইন

Broker new name থানাৰ দালালৰ নতুন নাম হ’ল –Source‘ আৰু Source ৰ আঙুলি ঠাঁৰত উঠা-বহা কৰে এগৰাকী আৰক্ষী বিষয়া Source ৰূপী দালালে চলায় আৰক্ষী চকীৰ সকলো কাম-কাজ, কেৱল কলমডাল হে থাকে বিষয়াৰ হাতত এফালে মুখ্যমন্ত্ৰীৰ দালালৰাজ উৎখাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীত ওলোটা ছবিভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিংয়ে টুপামাৰী আৰক্ষী চকীত পুহি ৰাখিছে একাংশ দালাল, দালাল নহয়, আৰক্ষী বিষয়াৰ মতে দালাল এয়া Source হে 3 নং টুপামাৰী গাওঁৰ ৰশিদ আৰু আয়নালৰ মাজত ছাগলীয়ে খেতি খোৱাক কেন্দ্ৰ হৈছিল কাজিয়া।পিছে উভয় পক্ষই বিষয়টো লৈ টুপামাৰী আৰক্ষী চকীত গৈছিল এজাহাৰ দিবলৈ আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেও সিঙে চকীৰ ভিতৰতে মহিলা সহ পাঁচজনকৈ লোকক বেয়াকৈ প্ৰহাৰ কৰে।
অভিযোগ কৰা মতে আৰক্ষী বিষয়া গৰাকী মধ্যপান কৰি ছাদেক আলী, ৰশিদ, মনোৱাৰা খাতুন, হুনুফা খাতুন, ইলাহি বক্সো শাৰীৰিকভাৱে প্ৰহাৰ কৰেআনকি আৰক্ষী বিষয়াৰ এনে আতিশয্যৰ পৰা সাৰি নগ’ল এগৰাকী বৃদ্ধ লোক ,অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া Hardeo Singhহৰদেও সিঙেৰ এনে ঔদ্ধতালিৰ বিৰুদ্ধে ন্যায় বিচাৰি স্থানীয় বহু লোক সমবেত হয় নগৰবেৰা আৰক্ষী থানাত আৰক্ষী চকীলৈ অহা নিৰীহ লোকক প্ৰায়ে দুৰ্ব্যৱহাৰ আৰু প্ৰহাৰ কৰাৰ বহু অভিযোগ আছে গুণ্ডাৰূপী আৰক্ষী বিষয়া হৰদেও সিঙৰ বিৰুদ্ধে ইতিমধ্যে বিষয়টো কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰিছে বুলি জনাইছে ভোক্তভোগী পৰিয়ালটো প্ৰশ্ন হয় ,মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা কোন এই হৰদেও সিং ? এনে আৰক্ষী বিষয়াৰ বাবেই সুদূৰপৰাহত হ’বগৈ নেকি Slogan of police for public welfare, public service” “জনহিতাৰ্থে ,জনসেৱাৰ্থে আৰক্ষী’ৰ শ্ল’গান” ?

অধিক খৱৰ পঢ়িবলৈ বিবাহ বিচ্ছেদৰ দুমাহৰ পিছত মুখামুখি নাটাছা-হাৰ্ডিক

Related Articles