Breaking

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৭ লাখ টকা মূল্যৰ ৭৬০০ কেজি চেনী জব্দ আৰু ৩৯ টা গৰু উদ্ধাৰ; ৪ জনক গ্ৰেপ্তাৰ…

0 25

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ ওপৰত সদা-সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে দেওবাৰে পুৱাৰ ভাগত বি এছ এফৰ ৪৯ বেটেলিয়ানৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা অৱস্থাত সীমান্তত অভিযান চলাই এখন ইঞ্জিনযুক্ত নাওঁৰ পৰা ৭৬০০ কেজি ওজনৰ চেনীৰ বেগ জব্দ কৰা হয়। জব্দ কৰা চেনী আৰু নাওঁৰ মূল্য আছিল প্ৰায় ৭ লাখ টকা।

তেনেদৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৩৯ টা গৰু উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। এই সন্দৰ্ভত হাতে-লোটে চাৰিজন ভাৰতীয় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে জব্দ কৰা সামগ্ৰীৰ লগতে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়া হয়। উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে কোনো ধৰণে নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হব নোৱাৰে তাৰ বাবে অহৰহ হে পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে।

Leave A Reply

Your email address will not be published.